গোলাঘাটত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী সন্দৰ্ভত সজাগতা শিবিৰ সম্পন্ন

97

গোলাঘাটত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী সন্দৰ্ভত সজাগতা শিবিৰ সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা, বিনোদ কুমাৰ নাথ , গোলাঘাট, ২৯ ছেপ্টেম্বৰঃ গুৱাহাটীৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত আৰু গোলাঘাট জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী সন্দৰ্ভত গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এটি সজাগতা শিবিৰ সম্পন্ন হয় । এই সজাগতা শিবিৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচীৰ দ্বাৰা কিদৰে উপকৃত হ’ব পাৰি , এই সন্দৰ্ভত নিবনুৱা যুৱক-যুৱতী সকলক বিতংভাৱে অৱগত কৰোৱা হয় । শিবিৰত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক উমেশ কুমাৰ,খাদী আৰু গ্ৰামোদ্যোগ আয়োগ,গোলাঘাটৰ জিলা সমন্বয়ক ৰাহুল ৰাৱট আৰু তৰুণ চন্দ্ৰ মেধি,অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক বিষয়া অমৰেন্দ্ৰ নাথ বৰ্মন , দেৱাশীষ ফুকন,ভাৰতীয় ষ্টেট বেংকৰ হিমাংশু হাজৰিকা আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী সঞ্চালক ৰাজকুমাৰ বৰিয়ে শিবিৰত অংশ লোৱা ডেৰ শতাধিক নিবনুৱা যুৱক-যুৱতীক তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । যুৱক-যুৱতী সকলে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচীৰ অধীনত ঋণ লাভৰ ক্ষেত্ৰত বেংকসমূহত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত অৱগত কৰে । সভাত অংশ লোৱা যুৱক-যুৱতী সকলক ঋণ গ্ৰহণ কৰি উচিত ব্যৱহাৰ কৰিবলৈ উপস্থিত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিয়ে আহ্বান জনায় । উল্লেখযোগ্য যে , বিত্তীয় প্ৰতিষ্ঠানসমূহে ক্ষুদ্ৰ উদ্যোগ খণ্ডলৈ ঋণ প্ৰদান কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে তথা ব্যাপক হাৰত নিয়োগ সৃষ্টিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখন ৰূপায়ন কৰিছে । ১০ লাখ টকাতকৈ অধিক মূলধন বিনিয়োগ কৰা উৎপাদন খণ্ডৰ উদ্যোগ অথবা ৫ লাখ টকাতকৈ অধিক মূলধন বিনিয়োগ হোৱা ব্যৱসায় বা সেৱা খণ্ডৰ উদ্যোগৰ ক্ষেত্ৰত ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ লোকক এই আঁচনিৰ অধীনত ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা হয় । এই কাৰ্যসূচীৰ অধীনত উৎপাদন খণ্ডৰ প্ৰকল্পৰ ক্ষেত্ৰত সৰ্বাধিক ব্যয়ৰ পৰিমাণ ২৫ লাখ টকা আৰু সেৱা ভিত্তিক প্ৰকল্পৰ ক্ষেত্ৰত ১০ লাখ টকাপৰ্যন্ত ঋণ প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে।