গোলাঘাট এইচ পি বি ছোৱালী মহাবিদ্যালয়ৰ সৌজন্যত স্বচ্ছ ভাৰত মিচন অভিযান

154

গোলাঘাট এইচ পি বি ছোৱালী মহাবিদ্যালয়ৰ সৌজন্যত স্বচ্ছ ভাৰত মিচন অভিযান

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১৬ অক্টোবৰ : দূৰ্গা পূজাৰ পিচতে আজি পুৱা গোলাঘাট নগৰত সকলো লোকৰ দৃষ্টি আকৰ্ষণ কৰে এক ব্যতিক্ৰমী কাৰ্যকলাপে ৷ পূজাৰ লগত সংগতি ৰাখি পূজাৰ পৰিৱেশত ৰাইজে নগৰখনৰ ভিন্ন প্ৰান্তত পেলুৱা লেতেৰা আৱৰ্জনা সমূহ চাফ চিকূণ কৰিবলৈ আগবাঢ়ি আহে স্বচ্ছ ভাৰত মিচন লৈ ৷ জানিব পৰা মতে , N.C.C , NSS আৰু গোলাঘাট H.P.B ছোৱালী মহাবিদ্যালয়ৰ সহযোগত গোলাঘাট নগৰৰ বিভিন্ন প্ৰান্তত স্বচ্ছ ভাৰত মিচন নামেৰে এটা অনুষ্ঠানৰ মাজেৰে গোলাঘাট নগৰত জমা হৈ থকা আৱৰ্জনা সমূহ চাফা কৰি ৰাইজৰ মাজত সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াস এটি প্ৰয়াস বুলি তেওলোকে জানিবলৈ দিয়ে ৷