চাফাই অভিযানত নামিল নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ

105

চাফাই অভিযানত নামিল নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ

দুৰ্নীতিৰ দৰ্পণ সেৱা , অৰূপ বৰুৱা , নাহৰকটীয়া , ১৭ অক্টোৱৰঃ নাহৰকটীয়াৰ নগৰৰ এক সামূহিক চাফাই অভিযানত হাতত ঝাড়ু লৈ ৰাজপথত নামিল নাহৰকটয়াৰ নৱনিযুক্ত ৰাজহ চক্ৰ বিষয়া তথা নাহৰকটীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া শৰৎ গগৈৰ । এসপ্তাহ পূৰ্বে নাহৰকটীয়ালৈ বদলি হৈ অহা বিষয়া গৰাকীয়ে দেওবাৰে ৰাতিপুৱা নাহৰকটীয়াৰ বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান আৰু আত্মসহায় গোটৰ সদস্য সদস্যাক তথা চৰকাৰী বিষয়া কৰ্যচাৰী সকলক লগতলৈ এই চাফাই অভিযান ৰূপায়ণ কৰে । নাহৰকটীয়াৰ নগৰৰ সমগ্ৰ পদপথৰ দুয়োকাষ চাফা কৰি জনসাধাৰণৰ মাজত চাফ চিকুণতাৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰে । এই চাফাই অভিযান কাৰ্যসূচীৰ জৰিয়তে ব্যৱসায়ী সকলক নিজ নিজ প্ৰতিষ্ঠানৰ চৌপাশ সমূহ পৰিস্কাৰ কৰি নাহৰকটীয়া নগৰখন পৰিস্কাৰ পৰিচন্নকৈ ৰাখিবলৈ আহ্বান জনায় ৷ এই কাৰ্যসূচীত সহযোগ কৰা সকলো স্বেচ্ছাসেৱী অনুষ্ঠান , আত্মসহায়ক গোটৰ সদস্য-সদস্যা তথা চৰকাৰী বিষয়া কৰ্মচাৰী সকলক নৱনিযুক্ত বিষয়া গৰাকীয়ে অশেষ ধন্যবাদ জ্ঞাপন কৰে ৷