ডবকাত আইনসেৱা প্ৰাধীকৰণৰ সজাগতা সভা

91

ডবকাত আইনসেৱা প্ৰাধীকৰণৰ সজাগতা সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা , যমুনামুখ,হিলাল চৌধুৰী, ১৯ চেপ্টেম্বৰঃ ৰাষ্ট্ৰীয় আইনসেৱা প্ৰাধীকৰণৰ তত্বাৱধানত হোজাই জিলা আইনসেৱা প্ৰাধীকৰণৰ উদ্যোগত মানৱ অধিকাৰ সহায়তা সংস্থানৰ সহযোগত কালি ডবকা বিদ্যামন্দিৰ মধ্য ইংৰাজী বিদ্যালয়ত এখনী আইনী সজাগতা সভা অনুষ্ঠিত হয় । উক্ত সভাত মুখ্য অতিথীৰ আসন গ্ৰহণ কৰে হোজাই জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ সচিব ছালেহ আহমেদে । অতিথি হিচাপে উপস্থিত থাকে মানৱ অধিকাৰৰ অসম ৰাজ্যিক সভাপতি হুচেইন আহমেদে । উপস্থিত থাকে আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,মানব অধিকাৰ সহায়তা সংস্থানৰ হোজাই জিলাৰ বিষয়ববীয়া সকল আৰু ডবকাৰ স্থানীয় ৰাইজ । উক্ত সজাগতা সভাত সভাপতিত্ব কৰে বিদ্যামন্দিৰ স্কুলৰ অধ্যক্ষ শ্ৰী সঞ্জীৱ দাসে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মানৱ অধিকাৰ সহায়তা সংস্থানৰ কাৰ্যকৰী সভানেত্ৰী তথা আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰী ফাৰমিন বেগমে । উক্ত সভাত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় । যেনে , প্ৰনাম বিধি, লোক আদালত ,পূৰ্ব মুকদ্দমা আৰু বিনামূলীয়া আইনী সাহাৰ্য্য । উক্ত সভাত দুগৰাকী ভুক্তভোগী মহিলা আহি উপস্থিত হয় , তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰিবলৈ মানৱ অধিকাৰ সহায়তা সংস্থানৰ বিষয়ববীয়াই আগভাগ ল’ব বুলি আশ্বাস দিয়ে আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ ফালৰ পৰা বিনামূলীয়া আইনী সাহায্য প্ৰদান কৰিব বুলি হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব ছালেহ আহমেদে আশ্বাস প্ৰদান কৰে । কালিৰ এই সভাখন সুচাৰুৰূপে চলাই নি সফল কৰা প্ৰতিজন ব্যক্তিকে হোজাই জিলা মানৱ অধিকাৰ সহায়তা সংস্থানৰ জিলা সমিতিয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।