ডিগবৈৰ যুৱ ব্যৱসায়ী ৰাজু প্ৰধানক হেল্প ফাউণ্ডেশ্যনৰ সম্বৰ্ধনা

78

ডিগবৈৰ যুৱ ব্যৱসায়ী ৰাজু প্ৰধানক হেল্প ফাউণ্ডেশ্যনৰ সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ সেৱা ,দ্বীপেন শইকীয়া , ডিগবৈ , ১৪ ছেপ্তেম্বৰঃ ডিগবৈ যুৱ ব্যৱসায়ী ৰাজু প্রধানে এখন কাপোৰৰ দোকানৰ পৰা উপার্জিত ধনেৰে দুৰ্যোগৰ সময়ত বিভিন্নজন অসহায় লোকক সহায়ৰ হাত আগবঢ়াই আহিছে । ৰাজু প্ৰধানে নিজা কষ্টৰে উপাৰ্জন কৰা ধনেৰে ৰোগীক চিকিৎসালয়লৈ অনা নিয়াৰ বাবে এখন এম্বুলেঞ্চ আগবঢ়াই সমাজৰ প্ৰতি এক অনবদ্য অৱদান দেখুৱালে ৷ ৰাজুৰ অকৃত্রিম মানৱ সেৱাৰ বাবে হেল্প ফাউণ্ডেশ্যন , অসমৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে । ফাউণ্ডেশ্যনৰ সভাপতি হীৰা ফুকন , সম্পাদক মৌচম বৰা , সহকাৰী সম্পাদক মৌচুমী শৰ্মা , সাংগঠনিক সম্পাদক মিতালী কাকতি , কোষাধ্যক্ষ মামণি বৰগোহাঁই আৰু মৃদুল কলিতাই এখনি ফুলাম গামোচা , ফুলাম জাপি আৰু সম্বৰ্ধনা পত্ৰৰে ৰাজু প্রধানৰ বাসগৃহত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে ।