ডিব্ৰুগড় দ্বাদশ গ্ৰন্থমেলাত জুৰী বৰা বৰগোহাঞিৰ ‘সিহঁত’ উপন্যাসক অন্যান্য নাৰী,অনন্য বঁটা প্ৰদান

318

ডিব্ৰুগড় দ্বাদশ গ্ৰন্থমেলাত জুৰী বৰা বৰগোহাঞিৰ ‘সিহঁত’ উপন্যাসক অন্যান্য নাৰী,অনন্য বঁটা প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা ডিব্ৰুগড় ৩০ নৱেম্বৰ : ডিব্ৰুগড় দ্বাদশ গ্ৰন্থমেলাৰ পঞ্চম দিনা উপন্যাসকী জুৰি বৰা বৰগোহাঞিৰ লৈ “সিহঁত উপন্যাসক অন্যান্য নাৰী অনন্য বঁটা” প্ৰদান। যি সময়ত স্ত্ৰী শিক্ষা, মহিলা সবালিকৰণৰ দৰে ধাৰণা প্ৰচাৰ আৰু প্ৰসাৰ হোৱা নাছিল, সেই সময়ত অৰ্থাৎ ১৯১৫ চনতে ডিব্ৰুগড়ত জন্ম হৈছিল ডিব্ৰুগড় জিলা মহিলা সমিতি।হেমপ্ৰভা দাস আৰু কুন্তী ফুকনৰ প্ৰচেষ্টাৰ ফলত জন্ম গ্ৰহণ কৰা এই অনুষ্ঠানটোৱে ২০১৪ বৰ্ষত শতবর্ষ উদযাপন কৰাৰ ইতিহাস ৰচনা কৰে। প্ৰতিষ্ঠা কালৰে পৰাই মহিলাৰ সৰ্বাঙ্গীন উন্নয়ন আৰু সচেতনতা বৃদ্ধি প্ৰয়াসৰ বিভিন্ন কাৰ্য্য সাধনৰ মাজেৰে এই মহিলা সমিটীখনে সমাজলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে। চন্দ্ৰপ্ৰভা শইকীয়ানিয়ৰ মতে এইখনেই অসমৰ প্ৰথম মহিলা সমিতি। স্বাধীন পূৰ্বৰ কালৰ পৰাই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে স্বাধীনোত্তৰ কালতো চিলাই প্ৰশিক্ষণ, স্বাস্থ্য সজাগতা সভা,নাটক পদর্শন, আলোচনা চক্ৰ অনুষ্ঠিত কৰি আহিছে। এই মহিলা সমিতি খনত প্ৰতিষ্ঠৰে পৰা বিভিন্ন ক্ষেত্ৰৰ লোকক উৎসাহিত আৰু অনুপ্ৰাণিত কৰা কাৰ্য গ্ৰহণ কৰি আহিছে। দিপালি শইকীয়া প্ৰধান সম্পাদিকা আৰু কল্যানী দেৱীৰ সভাপতিত্বৰ বিগত সময়চোৱাত ডিব্ৰুগড় জিলা মহিলা সমিতিযে বিভিন্ন ক্ষেত্ৰৰ বিশেষ ভূমিকা গ্ৰহণ কৰা মহিলাক ‘অনন্যয়া বঁটা’ প্ৰদান কৰি সামাজিক দায়বদ্ধতা প্ৰকাশ কৰিছে। দুবছৰ মূৰে মূৰে প্ৰদান কৰা এই বঁটা বিগত সময়চোৱাত প্ৰয়াত শান্তি গগৈ আৰু কেঞ্চাৰ বিশেষজ্ঞ গায়ত্ৰী গগৈক প্ৰদান কৰিছে। ২০২১ বৰ্ষৰ এই বঁটা প্ৰদান কৰিছে উপন্যাসিক জুৰী বৰা বৰগোহাঞি ৰ ‘সিহঁত’ নামৰ উপন্যাস খনৰ বাবে। বড়ো আন্দোলনৰ পটভূমিত ৰচিত এইখন উপন্যাসৰ কাহিনীৰ বিষয় হৈছে আন্দোলনৰ সময়ত সতীত্ব হেৰুওৱা দুগৰাকী মান মহিলাৰ অকথিত কাহিনী। ইয়াৰ উপৰিও জুৰী বৰা বৰগোহাঞিযে এতিয়ালৈকে ৭খন উপন্যাস ৰচনা কৰিছে। প্ৰায়বোৰ উপন্যাসৰ কাহিনীৰ মাজেৰে অৱহেলিত আৰু নিষ্পেষিত জনৰ কাহিনী বৰ্ণনা কৰিছে। মহিলাৰ সমস্যাৰ সৈতে পাঠকক পৰিচিত কৰাই দিয়ে। এগৰাকি সোমাজকর্মী হিচাপে পৰিচিত জুৰী বৰা বৰগোহাঞিযে বিভিন্ন সময়ত মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তা দিয়াৰ বাবে মাত মাতি আহিছে। জন্মসূত্ৰে মাজুলীৰ আৰু বৰ্তমানৰ ডিব্ৰুগড় নগৰৰ স্থায়ী বাসিন্দা উপন্যাস সাহিত্যৰ লগতে গল্পকাৰ আৰু প্ৰবন্ধকাৰ হিচাপেও পৰিচিত। ডিব্ৰুগড় গ্ৰন্থমেলা প্ৰাংগণত অনুষ্ঠিত সভাখন আৰম্ভ হয় ছাত্ৰী, অংশৰোতা শইকীয়াৰৰ, মঙলাচৰণে । বন্তি প্ৰজলন কৰে ৰঞ্জনা শৰ্মা বৰদলৈ। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল তিনিচুকীয়া কলেজৰ মায়ুৰী শৰ্মা বৰুৱা। কন্যা সন্তানৰ সুৰক্ষাৰ বাবে লবলগীয়া ব্যৱস্থাৰ বিষয়ে তেখেতে বক্তব্য ৰাখিছে। লগতে কেন্সাৰ বিশেষজ্ঞ গায়ত্ৰী গগৈযে বক্তব্য ৰাখে। বক্তা হিচাপে মানসিক ৰোগৰ বিষয়ে আলোচনা কৰে ডাঃ কাবেৰী বৰাই। এই সভাত অনুৰাধা দত্তৰ গ্ৰন্থ মনিদীপ আলোচনীৰ চুটিগল্প শীৰ্ষক গৱেষণা গ্রন্থ উন্মোচন কৰে উপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে । ড০ ভাৰতী দত্তই ভাষণত মহিলা সকলক উৎসাহিত কৰে।. ডিব্ৰুগড় জিলা মহিলা সমিতিৰ লিলি শইকীয়া, বীণা হাজৰিকা, বুলু বৰুৱা, ৰেণু বৰুৱা, কিৰণ বৰা, দীপালি গগৈ, দিপালি বৰুৱা, বনদেৱী অধিকাৰী, লুপিকা বৰুৱা, ৰিয়ান শৰ্মা, উষা চেতিয়া, পাপৰি শইকীয়া, আৰতি দাস, পুষ্প দিহিঙীয়া, প্ৰিয়ম্বদয়া চৌধুৰী ,দিপালি শইকীয়াকে আদি কৰি বিভিন্ন লোক উপস্থিত আছিল। সমগ্ৰ অনুষ্ঠানতোৰ আঁত ধৰে বৰ্তমান ডিব্ৰুগড় জিলা মহিলা সমিতিৰ সম্পাদিকা দীপালি শইকীয়াই আৰু সংগীতা শৰ্মাই। সভাত সভাপতিৰ দায়িত্ব পালন কৰে কল্যাণী দেৱীয়ে। অনুষ্ঠানটোত ডিব্ৰুগড় জিলাৰকেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। সভাত মিলন জ্যোতি সংগঠক সম্বৰ্ধনা জনোৱা হয়।