দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলাৰ বাকৰিত নয়নমণি হাজৰিকাৰ ’শিৰীষৰ ছাঁ’ উন্মোচন

66

দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলাৰ বাকৰিত নয়নমণি হাজৰিকাৰ ’শিৰীষৰ ছাঁ’ উন্মোচন

দুর্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ২ ডিচেম্বৰ : নয়নমণি হাজৰিকাৰ গল্প-উপন্যাসত প্ৰান্তীয় মানুহৰ জীৱন সংগ্ৰামৰ দৃশ্য প্ৰাণৱন্তভাবে চিত্ৰিত হোৱা দেখা যায় ৷ দৰিদ্ৰ আৰু শ্ৰমজীৱী মানুহৰ প্ৰতি তেওঁৰ কলম সহানুভূতিশীল ৷ ’শিৰীষৰ ছাঁ’ উপন্যাসখনত তেওঁ এগৰাকী ব্যতিক্ৰমী নাৰীৰ সংগ্ৰামমুখৰ জীৱন কাহিনী সাৱলীলভাবে ফুটাই তুলিছে ৷’ আজি গ্ৰন্থমেলাৰ বাকৰিত নয়নমণি হাজৰিকাৰ ’শিৰীষৰ ছাঁ’ নামৰ উপন্যাসখন উন্মোচন কৰি বিশিষ্ট সমালোচক টুনুজোতি গগৈয়ে এনেদৰে কয় ৷ জে এছ পাব্লিকেশ্যনে প্ৰকাশ কৰা উপন্যাসখনিৰ উন্মোচনী অনুষ্ঠানত ’অৰ্দ্ধ আকাশ’ গোটৰ মুখ্য প্ৰশাসক জয়শ্ৰী মেচ গগৈ , প্ৰকাশক প্ৰণৱ হাজৰিকা , কেৰিয়াৰ পৰামৰ্শদাতা প্ৰতিমা কৌশিক বৰুৱা , ঔপন্যাসিক নয়ণমণি হাজৰিকা আদি উপস্থিত আছিল ৷