নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী খুটাবাৰীত চলিছে ৰাসৰ সাংস্কৃতিক কাৰ্যসূচীৰ বিস্তৃত আখৰা

146

নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী খুটাবাৰীত চলিছে ৰাসৰ সাংস্কৃতিক কাৰ্যসূচীৰ বিস্তৃত আখৰা

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ৪ নভেম্বৰঃ উদযাপনৰ অনিশ্চয়তাৰ মাজতো ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ৰাসৰ সাংস্কৃতিক কাৰ্যসূচীৰ বিস্তৃত আখৰা । কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাতো চলিছে কৃষ্ণ লীলাৰ আখৰা । নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী গোৱালপাৰা জিলাৰ খুটাবাৰী আঞ্চলিক ৰাস মহোৎসৱত প্ৰদৰ্শনৰ বাবে ভাওনাৰ আৰ্হিত শিল্পীয়ে পূৰ্ণোদ্যমে চলাইছে বৰ্ণিল আখৰা । স্মৰ্তৱ্য যে , খুটাবাৰী আঞ্চলিক ৰাসৰ সমান্তৰালকৈ গাঁৱখনত এইবাৰ দুশ বছৰীয়া পৰম্পৰাৰ গৰখীয়া সভাখনো অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে । তাকে লৈ কৃষ্ণ জন্মৰে পৰা কংস বধ কৰালৈ বিভিন্ন কৃষ্ণ লীলাক দৰ্শক ৰাইজৰ মাজত উপস্থাপনৰ বাবে শিল্পীয়ে আখৰা চলাইছে। বিশেষকৈ শিশু কৃষ্ণৰ দধি চুৰিৰ দুষ্টামি ,গোপিনীৰ দধি মণ্ঠন ,কালীয় দমন ,কংস বধ আদিবোৰ কাহিনীৰ নাট্যৰূপ দি স্থানীয় শিল্পীক প্ৰশিক্ষকে দিছে প্ৰশিক্ষণ।য’ত গাঁৱখনৰ ১৯ খেলিয়া ৰাইজৰ শিশুৰ পৰা ডাঙৰলৈ বিভিন্ন পৰ্যায়ৰ লোকে ভিন্ন ৰূপত অভিনয় কৰিব বুলি জানিব পৰা গৈছে । মানৱ প্ৰতিমাৰ যোগেদি কভিড প্ৰট’কল মানি উদযাপন হ’বলগীয়া খুটাবাৰী আঞ্চলিক ৰাস মহোৎসৱত “দধি মণ্ঠন” নামৰ বিশেষ সাংস্কৃতিক কাৰ্যসূচীয়ে ৰাইজক বিপুল মনোৰঞ্জন দিব বুলি অনুমান হয় ।