নাহৰকটীয়াত গঠন আহোম জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতি

220

নাহৰকটীয়াত গঠন আহোম জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতি

দুৰ্নীতিৰ দৰ্পণ সেৱা, অৰূপ বৰুৱা, নাহৰকটীয়া , ১৮ অক্টোবৰঃ দেওবাৰে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰি গঠন কৰা হয় আহোম জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতি । উপ-সভাপতি ভাস্কৰ শঙ্কৰ ৰাজকোঁ‌ৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে হুমেন বৰগোঁ‌হাই। ঐক্যবদ্ধতাই আহোমৰ মূল লক্ষ্য সেই উদ্দেশ্য আগত ৰাখি আহোম জতিটোক সৰ্বতো প্ৰকাৰে আগবঢ়াই লৈ যোৱাৰ স্বাৰ্থত আহোম সকলক একত্ৰিকৰণৰ বাবে জন্ম হোৱা আহোম জাতীয় মহাসভাৰ আজি ডিব্ৰুগড় জিলা সমিতিখন গঠন কৰা হয় । সভাখনত ৫১ জনীয়া সদস্যক লৈ সমিতি খন গঠন কৰা হয় । সেইয়া ক্ৰমে সভাপতি ৰূপে পৰাণ জ্যোতি গগৈ , উপ-সভাপতি ক্ৰমে যোগা নন্দ গগৈ , বিপিন কোঁ‌ৱৰ , চন্দন সন্দিকৈ , গুনাভি কোঁ‌ৱৰ , কাৰ্যকৰী সভাপতি ৰূপে ধৰ্মেশ্বৰ গগৈ , সাধাৰণ সম্পাদক ৰূপে হুমেন বৰগোঁ‌হাই , সহঃসাধাৰণ সম্পাদক ক্ৰমে ৰঞ্জন গগৈ , ৰক্তিম চেতিয়া , সাংগঠনিক সম্পাদক ক্ৰমে দেৱজিৎ গগৈ , ভাস্কৰ কোঁ‌ৱৰ , খগেন গগৈ , ৰাজেন গগৈ , ৰাজীৱ গগৈ আৰু ভাস্কৰ জ্যোতি গগৈ , সাংস্কৃতিক সম্পাদক ৰূপে অভিজিৎ চাৰিঙীয়া ফুকন , নাং পলি শইকীয়া, সোণমণি চাৰিঙীয়া ফুকন, দিপশীখা ৰাজকোঁ‌ৱৰী আদিকে ধৰি শিক্ষা,ক্ৰীড়া,তথ্যা আৰু প্ৰচাৰ,বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ,কাৰ্যনিৰ্বাহক সদস্য।