প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম জয়ন্তী উপলক্ষে গ্ৰাম্য পুথিভঁৰাল সন্থাৰ আবাসীৰ মাজত ফল মূল, খাদ্য সামগ্ৰী বিতৰণ

56

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম জয়ন্তী উপলক্ষে গ্ৰাম্য পুথিভঁৰাল সন্থাৰ আবাসীৰ মাজত ফল মূল, খাদ্য সামগ্ৰী বিতৰণ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান , নগাঁও , ২১ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জাতি মৰ্চাৰ আৰু ভোটাই পাঠৰী মণ্ডলৰ উদ্যোগত নগাঁও চহৰৰ সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ আবাসী সকলৰ মাজত ফলমূল ,খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । উল্লেখ্য যে , ভাৰতীয় জনতা পাৰ্টিয়ে ১৭ চেপ্তেম্বৰৰ পৰা ২০ দীনিয়া কাৰ্যসূচীৰে নৰেন্দ্ৰ মোডীৰ জন্ম দিন উদযাপন কৰিছে । ইয়াৰ অংশ হিচাপে আজি বিভিন্ন কাৰণত পৰিয়ালৰ পৰা বিছিন্ন হৈ গ্ৰাম্য পুথিভঁৰাল সন্থাৰ বৃদ্ধাশ্ৰমত আবাসী হিচাপে থকা বৃদ্ধা সকলৰ মাজত মৰ্চা আৰু মণ্ডলৰ কৰ্মকৰ্তা সকলে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ মাজত ফল মূলৰ টোপোলা বিতৰন কৰে । ইয়াৰ ওপৰিও তেওঁলোকে গ্ৰাম্য পুথিভঁৰাল সন্থাৰ দ্বাৰা পৰিচালিত অনাথ আশ্ৰমৰ শিশু সকল আৰু শাৰীৰিক বাধাগ্ৰস্ত আশ্ৰমৰ আবাসী সকলৰ মাজতো ফলমূল বিতৰণ কৰে । আজিৰ ফলমূল বিতৰণ কাৰ্যসূচীত বিজেপিৰ ভোটাই পাঠৰী মণ্ডলৰ সভাপতি পদ্ম বৰুৱা, উপ-সভাপতিদ্বয় বুধেন শইকীয়া, প্ৰবিন শৰ্মা,সাধাৰণ সম্পাদক জোনমণি শইকীয়া,অনুসূচীত জাতি মৰ্চাৰ ডিম্বেশ্বৰ বৰা, যুৱ মৰ্চাৰ অনুপ পণ্ডিতৰ লগতে মৰ্চা আৰু মণ্ডলৰ সকলো কৰ্মকৰ্তা উপস্থিত থাকে ।