প্ৰাৰ্থনা আঁচনিৰ অধীনত বৰপেটাত ১৪ জনলৈ ১ লাখকৈ ধন বিতৰণঃ এয়া চৰকাৰৰ মৰমৰ চিন : মন্ত্ৰী ৰঞ্জিৎ দাস

120

প্ৰাৰ্থনা আঁচনিৰ অধীনত বৰপেটাত ১৪ জনলৈ ১ লাখকৈ ধন বিতৰণঃ এয়া চৰকাৰৰ মৰমৰ চিন : মন্ত্ৰী ৰঞ্জিৎ দাস

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২ অক্টোবৰঃ কৰোনা মহামাৰীত মৃত্যু হোৱা বৰপেটা জিলাৰ ১৪ জন ব্যক্তিৰ নিকটাত্মীয়ৰ মাজত এক লাখকৈ টকাৰ চেক বিতৰণ কৰি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন , খাদ্য আৰু অসামৰিক যোগান তথা জনস্বাস্থ্য কৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে আজি বৰপেটা জিলাত প্ৰাৰ্থনা আঁচনিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত বৰপেটা জিলাৰ অভিভাবক মন্ত্ৰী গৰাকীয়ে এই হিতাধিকাৰী সকলৰ মাজত চেক বিতৰণ কৰি কয় যে , এক লাখ টকাই এজন মৃতকৰ পৰিয়ালক বিশেষ সকাহ দিব নোৱাৰে যদিও, এয়া মাননীয় মুখ্যমন্ত্ৰীৰ বা অসম চৰকাৰৰ সদিচ্ছাৰ চিন হিচাপেই গ্ৰহণ কৰিব পাৰে । অসম চৰকাৰৰ এই আন্তৰিকতাপূৰ্ণ মৰমে নিশ্চয় মৃতকৰ পৰিয়াল সমূহক কিছু মানসিক শান্তি প্ৰদান কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে । সভাৰ আৰম্ভণীতে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে কয় যে , এই পৰ্যন্ত জিলাখনৰ ২০৮ জন লোক‌ কৰোনাৰ বাবে মৃত্যু মূখত পৰিছে । ইয়াৰে ৩২ জন লোকৰ বিধবা পত্নীক মুখ্যমন্ত্ৰীৰ কোভিড বিধবা সাহায্য আঁচনিৰ অধীনত আঢ়ৈ লাখকৈ টকাৰ এক কালিন সাহায্য প্ৰদান কৰা হৈছে আৰু ২৫ গৰাকীৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে । বাকী সকলৰ ভিতৰত যিসকলৰ পৰিয়ালত চৰকাৰী চাকৰিয়াল বা পেঞ্চনভোগী ব্যক্তি নাই , তেনে স্থায়ী বাসিন্দাৰ মৃতকৰ পৰিয়ালৰ নিকটাত্মীয়ক এক লাখকৈ টকাৰ সাহায্য দিয়াৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা প্ৰাৰ্থনা আঁচনিৰ অধীনত এতিয়ালৈকে ১৪ গৰাকী লোক নিৰ্বাচন কৰা হৈছে । সভাত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস , অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আদিও উপস্থিত থাকে । সভাৰ আৰম্ভণীতে যোৱা সময় চোৱাত বৰপেটা জিলাত কোভিডত মৃত্যু হোৱা লোক সকলৰ স্মৃতিত এক মিনিট সময় মৌণতা অৱলম্বন কৰা হয় । উল্লেখযোগ্য যে , আজি গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি সমগ্ৰ অসমতে এই আচঁনিখন মুকলি কৰা হৈছে ।