বাগানপাৰা ব্লক বিপিএফৰ নতুন সমিতি গঠন

260

বাগানপাৰা ব্লক বিপিএফৰ নতুন সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ সেৱা,জিণ্টুমণি দাস, মুছলপুৰ, ৪ ডিচেম্বৰ : বাক্সা জিলাৰ বাগানপাৰাত আজি বাগানপাৰা ব্লক বিপিএফৰ এক সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ৷ বাগানপাৰা ব্লক বিপিএফৰ সভাপতি সমুদ্ৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বনমালী বড়োৱে কয় যে , ইউপিপিএল দলে নিৰ্বাচনৰ সময়ত ৰাইজক যিবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল , সেইবোৰ আজিও কাৰ্যকৰী কৰিব পৰা নাই ৷ বিপিএফৰ দিনত যি ধৰণে বিটিচিৰ উন্নয়ন হৈছিল এতিয়া কোনো ধৰণৰ উন্নয়ণ হোৱা নাই ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদ সকলো ক্ষেত্ৰতে ব্যৰ্থ হৈছে ৷ তেওঁ কয় যে , ৰাইজে প্ৰতিটো কামৰ ওপৰতে তীক্ষ্ণ নজৰ ৰাখিছে ৷ কিয়নো , বিগত সময়চোৱাত প্ৰতিটো আঁচনি ৰূপায়ণ কৰোতে দুৰ্নীতি সংঘটিত হৈছে ৷ আনহাতে , মুছলপুৰ জিলা বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়েও নিজৰ ভাষণত বৰ্তমানৰ বিটিচি পৰিষদ খনক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ বাগানপাৰা ব্লক বিপিএফৰ সম্পাদক কালিন্দ্ৰ বৈশ্যই আঁতধৰা সভাখনত দলটোৰ কেন্দ্ৰীয় সদস্য নিৰেণ চৈনাৰী , কিৰণ মুছাহাৰী , বিপিএফৰ প্ৰাক্তন পাৰিষদ ফলীন্দ্ৰ বসুমতাৰীকে ধৰি কেবাজনো বিপিএফ নেতাৰ লগতে তেৰখন প্ৰাথমিক সমিতিৰ সভাপতি আৰু সম্পাদক সকল উপস্থিত আছিল ৷ উল্লেখ্য যে , আজিৰ সভাতে চগেন দাসক সভাপতি আৰু চতন ৰামচিয়াৰীক সম্পাদক হিচাপে লৈ বাগানপাৰা ব্লক বিপিএফৰ নতুন সমিতিখন গঠন কৰা হয় ৷