বিলাসীপাৰাত পুজা উপলক্ষে গুৰুত্বপুৰ্ণ সভা

99

বিলাসীপাৰাত পুজা উপলক্ষে গুৰুত্বপুৰ্ণ সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা ,হজৰত আলী , নায়েৰ আলগা , ২৪ ছেপ্তেম্বৰঃ কালি বিলাসীপাৰা মহকুমাধিপতিৰ সভাকক্ষত আগন্তুক দূৰ্গাপূজা উদযাপন উপলক্ষে এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয় । উক্ত সভাত সভাপতিত্ব কৰে বিলাসীপাৰা মহকুমাধিপতি শ্ৰী জয় শিৱানী আৰু বিলাসীপাৰা নিৰ্বাচনী বিষয়া শ্ৰী জগদীশ ব্ৰহ্ম ডাঙৰীয়া , বিলাসীপাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰী ৰূপকমল ৰাভা ডাঙৰীয়া , আঠাণি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাবিয়া বেগম , চাপৰ চক্ৰ বিষয়া শ্ৰী শান্তনু গগৈ , মহামায়া খণ্ড উন্নয়ন বিষয়া শ্ৰীমতী ৰীমা তৃষ্ণা হালৈ , বিলাসীপাৰা আৰক্ষী বিভাগৰ কৰ্মচাৰী , অগ্নি নিৰ্বাপক বাহিনী আৰু মহকুমাৰ বিভিন্ন দূৰ্গা পূজা সমিতিৰ সভাপতি/সচিব , সংশ্লিষ্ট বিষয়াববীয়া,কৰ্মচাৰী সকলো উপস্থিত থাকে । উক্ত সভাত আগন্তুক দূৰ্গা পূজা উদযাপন উপলক্ষে বিভিন্ন নীতি নিৰ্দেশনা সমূহ বিতংকৈ আলোচনা কৰা হয় । বিলাসীপাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰী ৰূপকমল ৰাভা ডাঙৰীয়াই প্ৰশাসনে জাৰি কৰা নিৰ্দেশাৱলীৰ বিষয়ে সভাত পাঠ কৰে আৰু প্ৰত্যেক কেতবোৰৰ ওপৰত মন্তব্য প্ৰদান কৰে । পোন প্ৰথমে সকলো পূজা সমিতিয়ে কভিডৰ নিয়ম মানি পূজা উদযাপন কৰিব লাগিব । প্ৰত্যেক পূজা মণ্ডপত অংশগ্ৰহণ কৰা পুৰোহিত,পূজাৰী, সেচ্ছাসেৱক সকল,কভিড প্ৰতিষেধকৰ প্ৰথম পালি হ’লেও গ্ৰহণ কৰিব লাগিব । প্ৰত্যেক পূজা সমিতিয়ে কাষৰীয়া আৰক্ষী চকীৰ পৰা আপত্তি বিহীন প্ৰমাণ পত্ৰ ৰাখিব লাগিব । ইয়াৰ উপৰিও গড়কাপ্তানী বিভাগ(গৃহ)ৰ আৰু বিদ্যুৎ সংযোগৰ কাৰণে অসম শক্তি বিতৰণ কোম্পানীৰ পৰাও আপত্তি বিহীন প্ৰমাণ পত্ৰ থাকিব লাগিব । নিৰ্দিষ্ট বিভাগৰ পৰা আপত্তি বিহীন প্ৰমাণ পত্ৰ গ্ৰহণ কৰাৰ পিছত মহকুমা প্ৰশাসনৰ পৰা অনুজ্ঞা পত্ৰ আনিব লাগিব । পূজা পেণ্ডেলৰ বাহিৰত মেলাৰ আয়োজন কৰা নিষেধ আৰু ৰাস্তাৰ মাজত নাইবা কাষত কোনো ধৰণৰ অস্থায়ী পেণ্ডেল লগাব নোৱাৰিব । সৰ্বাধিক ৫০ জন ভক্তই এখন পূজা পেণ্ডেলত এবাৰত প্ৰৱেশ কৰিব পাৰিব । মণ্ডপত মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব অৱলম্বন কৰিব লাগিব । প্ৰত্যেক পূজা মণ্ডপত চেনিটাইজাৰৰ ব্যৱস্থা ৰাখিব লাগিব । সকলো পূজা মণ্ডপত চি.চি.টি.ভি.ৰ ব্যৱস্থা থাকিব লাগিব। বিজয়া দশমীৰ কাৰণে প্ৰতিমা বিসৰ্জনৰ ঘাট সমূহ কাৰ্য্যবাহী বিষয়া সকলে আৰক্ষীৰ লগত আলোচনা কৰি প্ৰস্তুত কৰিবলৈ মহকুমাধিপতিয়ে নিৰ্দেশ দিয়ে আৰু বিসৰ্জনৰ আগেয়ে ঘাট সমূহ বীজাণুশোধন কৰা হ’ব । নিৰ্ধাৰিত বিসৰ্জন নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলৈ চক্ৰ বিষয়া সকলে বিতং ভাৱে আৰক্ষী বিভাগৰ লগত আলোচনা চক্ৰৰ আয়োজন কৰিব । পূজা মণ্ডপত পৰ্য্যাপ্ত পৰিমাণৰ পোহৰৰ ব্যৱস্থা থাকিব লাগিব আৰু আৰক্ষী তৎপৰতা অনিবাৰ্য যাতে অপ্ৰত্যাশিত ঘটনা সংঘটিত নহয় । প্ৰৱেশ আৰু প্ৰস্থানৰ কাৰণে ভেটাৰ সহায়ত পুৰুষ আৰু মহিলাৰ বাবে বেলেগ বেলেগকৈ লানি পতাৰ ব্যৱস্থা কৰি দিব লাগিব । পূজা মণ্ডপ ৰাতি ৮:০০ বজালৈকে ভক্ত সকলৰ কাৰণে খূলা থাকিব আৰু অনুভাষ যন্ত্ৰৰ ব্যৱহাৰ নিষেধ কৰা হৈছে । মহকুমাধিপতিয়ে আহ্বান কৰে যে , প্ৰতিমা তৈয়াৰীৰ কাৰণে ব্যৱহাৰ কৰা কেঁচা সামগ্ৰী জৈৱিক বিভংগনীয় হোৱা উচিত আৰু প্লাষ্টিক , পলিথিন , থাৰ্মোকল ইত্যাদি পৰিহাৰ কৰিবলৈ অনুৰোধ জনায়।বিজয়া দশমীৰ দিনা মুঠ ৫ জন ব্যক্তি প্ৰতিমা বিসৰ্জনৰ সময়ত যাব পাৰিব । অৱশেষত মহকুমাধিপতি ডাঙৰীয়াই সকলো পূজা সমিতিৰ কতৃপক্ষক পূজা মণ্ডপত পৰিস্কাৰ পৰিচ্ছনতা অৱলম্বন কৰিবলৈ অনুৰোধ কৰে আৰু শান্তি শৃংখলা বজাই ৰাখি আগন্তুক দূৰ্গাপূজা উদযাপন কৰিবলৈ অনুপ্ৰাণিত কৰে ।