বিশিষ্ট সমাজকৰ্মী আলহাজ ৰাজুমণি হুছেইনলৈ ড°এঃপেঃজিঃ আব্দুল কালাম এৰ্ৱাড

52

বিশিষ্ট সমাজকৰ্মী আলহাজ ৰাজুমণি হুছেইনলৈ ড°এঃপেঃজিঃ আব্দুল কালাম এৰ্ৱাড

দুৰ্নীতিৰ দৰ্পণ,ৰাতুল বৰা , দেৰগাঁও , ২৬ ছেপ্তেম্বৰঃ দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী ৰাজুমণি হুছেইনলৈ তেখেতৰ অদম্য সমাজ সেৱাৰ বাবে সমতা সাহিত্য একাডেমীয়ে ভি কে ইন্টাৰনেছনেলৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্ণিয়াৰ পাব্লিক ইউনিভাৰ্ছিটিৰ সহযোগত ২০২১ বৰ্ষৰ ড০ এ পি জে আব্দুল কালাম এৱাৰ্ড প্ৰদান কৰে । ২৪ চেপ্তেম্বৰ শুক্ৰবাৰে মহাৰাষ্টৰ নাগপুৰত বিশিষ্ট শিক্ষাবিদ ড০ জয়প্ৰকাশ ডুবেৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূন অনুষ্ঠানত এই এৰ্ৱাড প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত ডা০ নিটিন ৰাউট , ড০ ডি এছ টান্দেকাৰ , মিঃ চাৰচাথকে আদি কৰি ভাৰতৰ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সমাজকৰ্মী ৰাজুমনি হুছেইনে বিগত কৰুনা কালৰ সময় চোৱাত দেৰগাঁৱৰ বহু আৰ্তজনক সহায় আগবঢ়াই চৰ্চিত হৈ পৰিছিল । তেখেতৰ নেতৃত্বত আলকাবা ফাউণ্ডেচন নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে কৰুনা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত সমগ্ৰ অসমতে সদাব্যস্ত হৈ থাকি দেৰগাঁও তথা অসমৰ বিভিন্ন ৰাজহুৱা তথা ব্যক্তিগত প্ৰতিস্থানত চেনিটাইজ কৰাকে ধৰি বিভিন্ন সেৱা আগবঢ়াই আহিছে ।