মদাৰখাতৰ ঘোঁৰামৰাস্থিত সাৰ্বজনীন নামঘৰত তোৰণ উদ্বোধন

89

মদাৰখাতৰ ঘোঁৰামৰাস্থিত সাৰ্বজনীন নামঘৰত তোৰণ উদ্বোধন

দুৰ্নীতিৰ দৰ্পণ সেৱা,ডিব্ৰুগড় , ২০ নবেম্বৰঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত মদাৰখাত মৌজাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ঘোঁৰামৰাস্থিত সাৰ্বজনীন নামঘৰৰ নৱনিৰ্মিত তোৰণখন এক উৎসৱমুখৰ আধ্যাত্মিক পৰিৱেশৰ মাজত শুভ উদ্বোধন কৰা হয় ৷ বিভিন্ন জাতি-জনজাতি,ভাষা-ভাষী লোকৰ বাসস্থান ঘোঁৰামৰাত ১৯৬৫ চনত স্থাপিত হোৱা সাৰ্বজনীন নামঘৰৰ নৱনিৰ্মিত তোৰণৰ শুভ উদ্বোধনী অনুষ্ঠান উপলক্ষে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোকৰ সমাৱেশ ঘটে ৷ ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীবৈষ্ণৱানন্দ চন্দ্ৰ গোস্বামীয়ে গায়ন-বায়নৰ ঘাট আয়তীসকলৰ উৰুলী , শংখধ্বনিৰে আনুষ্ঠানিকভাৱে তোৰণৰ শুভ উদ্বোধন কৰে ৷ সত্ৰাধিকাৰ গৰাকীয়ে শ্ৰীকৃষ্ণ ৰাস তথা গুৰু নানক জয়ন্তীৰ পবিত্ৰ ক্ষণত এনেদৰে শুভ কাম সমাধা কৰি অঞ্চলটোৰ তথা নামঘৰৰ ভকত-বৈষ্ণৱসকলে লোৱা পদক্ষেপক সেৱাৰ অঞ্জলি কোৱাৰ লগতে অঞ্চলটোৰ বাবে এক আধ্যাত্মিকতাৰ পৰিৱেশৰ সৃষ্টি হয় বুলি উল্লেখ কৰে ৷ ৰামধেনু যুগৰ কবি তথা হাবিচুক গাঁৱৰ মেধি থুল কোঁৱৰ , ৰমাই গাঁৱৰ গাঁওবুঢ়া দৌলত গগৈয়ে বন্তি প্ৰজ্বলন কৰা এই তোৰণ উদ্বোধনৰ অনুষ্ঠানত ৰমাই গাঁৱৰ গায়ন-বায়নেৰে সত্ৰাধিকাৰক আদৰি নিয়াৰ লগতে দিহিঙীয়া গাঁৱৰ গায়ন-বায়নে তোৰণ উদ্বোধন কৰাৰ লগতে নামঘৰলৈকে সত্ৰাধিকাৰ প্ৰভুকে ধৰি উপস্থিত ভকত বৈষ্ণৱক আদৰি নিয়ে ৷ তোৰণ নিৰ্মাণ সমিতিৰ সম্পাদিকা ভৱানী গগৈয়ে আদৰণি জনোৱা অনুষ্ঠানটোত সভানেত্ৰী ভৱানী গগৈয়ে সত্ৰাধিকাৰক সেৱাৰে আদৰণি জনায় ৷ এই অনুষ্ঠানটোতে সৰুকণ শইকীয়া , মনোজ ধানোৱাৰ , জয়কান্ত দুৱৰা , মনো দত্ত , দেৱেশ দত্ত , যতীন গোহাঁই , হৰি দত্ত , ৰাজকুমাৰ আগৰৱালা , বিমল গগৈ , মঃ আব্দুল্লা খান , জফৰ খান , চনোজ বাৰ্মা, প্ৰদীপ কছাৰী বৰুৱা, কমল চন্দ্ৰ দত্ত পুণ্যকান্ত কোঁৱৰকে প্ৰমুখ্য কৰি উপস্থিত বিভিন্ন জাতি , ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ভকত-বৈষ্ণৱসকলক সাৰ্বজনীন নামঘৰ পৰিচালনা সমিতি তথা তোৰণ নিৰ্মাণ সমিতিৰ তৰফৰ পৰা বিশেষভাৱে আদৰণি আৰু সম্ভাষণ জনোৱা হয় ৷ তোলন দিহিঙীয়া , প্ৰদীপ শইকীয়া , সুনীল গগৈ, অজয় গগৈ, দিপুল শইকীয়াকে প্ৰমুখ্য কৰি ঘোঁৰামৰাৰ সাৰ্বজনীন নামঘৰৰ ভকত-বৈষ্ণৱ , আইসকলৰ অকুণ্ঠ সহায়-সহযোগত অনুষ্ঠিত হোৱা তোৰণ উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক যাদৱ গগৈয়ে ৷ মদাৰখাতৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে তোৰণ নিৰ্মাণৰ বাবে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সকলোৰে প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰি সমজুৱা সেৱা আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটো সামৰা হয় ৷