মহকুমাত মহামানৱ মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্মজয়ন্তী উদযাপন

93

মহকুমাত মহামানৱ মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্মজয়ন্তী উদযাপন

দুৰ্নীতি দৰ্পণ সেৱা , নাজিৰা , নয়নমণি ফুকনঃ সমগ্ৰ দেশৰ লগতে নাজিৰা মহকুমা সদৰতো কালি নাজিৰা মহকুমা প্ৰশাসন , নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাৰ উদ্যোগত ১৫২ সংখ্যক গান্ধী-জয়ন্তী নাজিৰাৰ গান্ধী ময়দানত উদযাপন কৰা হয় । এই জয়ন্তীৰ লগত সংগতি ৰাখি এখনি সৰ্ব-ধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় ।

সভাৰ আৰম্ভণিতে গান্ধীৰ স্মাৰক তথা প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে । তাৰ পিছতে তেখেতে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই আৰু সৰ্ব-ধৰ্ম প্ৰাৰ্থনাৰ তাৎপৰ্য বৰ্ণনা কৰি কয় যে , “মহাত্মা গান্ধী কেৱল এজন ব্যক্তিয়ে নাছিল , তেওঁ আছিল এজন অনুষ্ঠান । গোটেই জীৱনটো তেখেতে ভাৰতৰ সন্মানৰ হকে নিস্বাৰ্থভাৱে নিজৰ সৰ্বোচ্ছ উজাৰিছিল । জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোককে তেখেতে একতাৰ ডোলেৰে বান্ধি মানুহক উদ্বুদ্ধ কৰিবলৈ মানুহৰ মাজত জাতীয়তাবোধ আৰু ভাতৃত্ববোধ জগাই তুলিবলৈ সক্ষম হৈছিল । তেখেতৰ আদৰ্শ নীতি বিশ্বৰ আৰ্থসামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত এক এৰাব নোৱাৰা দলিল , যাৰ কাৰণে ভাৰতৰ নাম বিশ্বৰ মানচিত্ৰত সদায় উজ্জ্বল আৰু চিৰস্মৰণীয় হৈ ৰব ।

মহকুমা তথ্য ও জনসংযোগ বিষয়া ড° বৰ্ণালী দত্তই আঁতধৰা এই সৰ্ব-ধৰ্ম সভাত মুখ্য কাৰ্যসূচীৰূপে কেইবাগৰাকীও ধৰ্মীয় প্ৰতিনিধি ব্যক্তিয়ে নিজ নিজ ধৰ্মৰ শাস্ত্ৰ পাঠ কৰে । হিন্দু ধৰ্মশাস্ত্ৰ পাঠ কৰে প্ৰকাশ শৰ্মা , কোৰান শ্বৰিফ পাঠ কৰে জাইনুল ইছলাম খান , আব্দুল সাচিব আৰু সমৰুদ্দিনে , বাইবেল পাঠ কৰে থমাছ কান্দুলনা , ইছো চান্দি গুৰিয়া আৰু টেৰেচীনা বুদ্দিঙে । লগতে শিল্পী পেঞ্চনাৰ আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কালী প্ৰসাদ ৰেড্ডী আৰু সমাজ কৰ্মী আব্দুৰ ৰহমানে গুৰি ধৰা ৰামধুন ভজন উপস্থিত সকলোৱে একেলগে পৰিৱেশন কৰে ।

উক্ত সভাত নাজিৰাৰ জ্যেষ্ঠ নাগৰিকৰ তৰফৰ পৰা প্ৰভাত বৰঠাকুৰ , নাজিৰাৰ পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি দিলীপ হাজৰিকা , সংবাদদাতা ভাস্কৰ বৰগোহাঞি আৰু নাজিৰা কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা সমাজ কৰ্মী চয়দ মুবিদুল ইছলামে নিজ নিজ বক্তব্য দাঙি ধৰি গান্ধী জয়ন্তীৰ বৈশিষ্টৰ কথা বৰ্ণনা কৰে । এই সভাত নাজিৰাৰ সহকাৰী আয়ুক্ত প্ৰীতম গগৈ , ৰুৱী কুমাৰী ৰয় , খণ্ড উন্নয়ন বিষয়া তন্ময় চেতিয়া , বিভিন্ন বিভাগৰ মূৰব্বী সকল , স্বচ্ছ ভাৰত অভিযানৰ নগৰ প্ৰকল্প বিষয়া হিমা ৰেখা বৰুৱাকে প্ৰমুখ্যে কৰি নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত থাকে । আনহাতে,গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি উদযাপন কৰা আজিৰ সভাৰ এক আকৰ্ষণীয় কাৰ্যসূচী আছিল নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাৰ চাফাই কৰ্মচাৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠান । নাজিৰা পৌৰ সভাৰ ৫৩ জন আৰু শিমলুগুৰি পৌৰ সভাৰ ২০ জন চাফাই কৰ্মচাৰীক একোখনকৈ মানপত্ৰ , এটা টি-ছাৰ্ট , কেপ আৰু হাতমোজা প্ৰদান কৰে মহকুমাধিপতি সব্যসাচী কাশ্যপকে প্ৰমুখ্যে কৰি আন আন বিষয়া তথা সমাজকৰ্মী সকলে ।