মানাহ নদীৰ ওপৰত দুখন দলঙৰ আধাৰশিলা স্থাপন

82

মানাহ নদীৰ ওপৰত দুখন দলঙৰ আধাৰশিলা স্থাপন

দুৰ্নীতিৰ দৰ্পণ,মাণিকপুৰ, ৩০ নবেম্বৰঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে মানাহ নদীৰ ওপৰত দুটা কাঠৰ দলংৰ আধাৰশিলা স্থাপন কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে! SDRF আঁচনিৰ ২০২০-২১ বৰ্ষৰ ১কোটি ২৫ লাখ টকা ব্যয়ৰে নাম্বাৰপাৰা বজাৰৰ পৰা গোলাপাৰালৈ ৰাস্তাৰ মাজত মানাহ নদীৰ ওপৰত কাঠৰ দলংৰ কামৰ আধাৰশিলা স্থাপন কৰে। একেদৰে একেই বৰ্ষৰ একেই আচনি সম পৰিমাণৰ ধনৰ জৰিয়তে মানাহ নদীৰ ওপৰত লুংঝাৰ মানাহ নদীৰ ওপৰত বিজনী আৰু পাতিলাদহা বজাৰ সংযোগী ৰাস্তাৰ ওপৰত কাঠৰ দলংৰ আধাৰশিলা স্থাপন কৰে বিধায়ক আব্দুল বাতিন খন্দকাৰে ।উল্লেখযোগ্য যে স্বাধীনতাৰ পিছৰে পৰা বৰ্তমানলৈকে যোগাযোগৰ ক্ষেত্ৰত পিছপৰি থকা আৰু আৰ্থিকভাৱে অতি পিছ পৰা প্ৰায় ৪০ খনৰো অধিক গাওৰ ৰাইজে এক স্বস্তিৰ নিশ্বাস পেলায়। আজিৰ এই অনুস্থানত গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰ কাঞ্চন কলিতা উপস্থিত থাকে। বিধায়ক গৰাকীয়ে মন্তব্য় কৰে কাঠৰ দলং দুখনে এই অঞ্চলৰ ৰাইজৰ সাময়িকভাৱে সমস্া সমাধান হল কিন্তু চৰকাৰৰ লগত আলোচনা কৰি পৰবৰ্ত্তী সময়ত পকী দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।