মিছিং সাংস্কৃতিক সংঘৰ প্ৰতিষ্ঠা দিৱসত দেৰগাঁৱত চাৰিগৰাকী জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা

108

মিছিং সাংস্কৃতিক সংঘৰ প্ৰতিষ্ঠা দিৱসত দেৰগাঁৱত চাৰিগৰাকী জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ১৯ অক্টোবৰঃ মিচিং সাংস্কৃতিক সংঘৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ১৮ অক্টোবৰৰ দিনটোত দেৰগাঁও আৰু পূব ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত দেৰগাঁৱৰ গেলাবিল পাৰস্থিত মুৰংঘৰৰ বাকৰিত কভিড সৃষ্ট পৰিৱেশৰ বাবে অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় । এই উপলক্ষে সংঘৰ পতাকা উত্তোলন কৰাৰ পাছতে সমীপতে থকা দেৰগঞাঁ মিছিং সমাজৰ নামঘৰত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ব্যতিক্ৰমী ভাৱে চাৰিগৰাকী মিছিং সমাজৰ জ্যেষ্ঠ আগস্থানীয় ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । ধৰ্মীয় পৰম্পৰা নীতি অনুসৰি শৰাই,তামোল পাণ আৰু অংগবস্ত্ৰ আগবঢ়াই চাৰিগৰাকী সম্বৰ্ধিত ব্যক্তিৰ ওচৰত সেৱা জনাই সাংস্কৃতিক সংঘৰ দেৰগাঁও আৰু পূব ব্ৰহ্মপুত্ৰ সমিতিৰ সদস্য সকলে । সেই মতে , সাংস্কৃতিক সংঘৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আৰ্শীবাদ প্ৰদান কৰে সম্বৰ্ধিত ব্যক্তি ক্ৰমে লেখক,সমাজকৰ্মী মানিক দলে(দাও),কৃতী শিক্ষকৰ বটাঁ প্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ কুমাৰ দলে,ধৰ্মেশ্বৰ মিলি আৰু গোবিন পেগুৱে । অনুষ্ঠানত সাংস্কৃতিক সংঘৰ দেৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি হিৰন্য পেগু,সম্পাদক প্ৰেমকান্ত পেগু,পূৱ ব্ৰহ্মপুত্ৰ সমিতিৰ সভাপতি শৰৎ পেগু আৰু সম্পাদক প্ৰদীপ পাছুঙৰ উপৰিও বিষয়ববীয়া সকল উপস্থিত থাকে ।