মুছলপুৰত মীন পালকৰ মাজত মাছৰ খাদ্য সামগ্ৰী বিতৰণ

75

মুছলপুৰত মীন পালকৰ মাজত মাছৰ খাদ্য সামগ্ৰী বিতৰণ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জিণ্টুমণি দাস , মুছলপুৰ ,৩০ নৱেম্বৰ : বিটিচিৰ মীন বিভাগৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ণ পুঁজিৰ অধীনত আজি বাক্সা জিলাৰ মুছলপুৰত আনুষ্ঠানিকভাৱে মীন পালক সকলৰ মাজত বিনামূলীয়াকৈ মাছৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷ এই উপলক্ষে বাক্সা জিলা মীন বিভাগৰ কাৰ্যালয়ত এখন সভাৰ আয়োজন কৰা হয় ৷ সভাত অংশগ্ৰহণ কৰি বিটিচিৰ মীন আৰু পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে , উঠি অহা নৱ প্ৰজন্ম আৰু মীন পালক সকলে মৎস পালনৰ জৰিয়তে স্বাৱলম্বী হ’বৰ বাবে বিটিচিৰ মীন বিভাগৰ উদ্যোগত বিভিন্ন উন্নয়ণমূলক কাৰ্যসূচী হাতত লোৱা হৈছে ৷ বিটিআৰ অঞ্চলৰ নিবনুৱা যুৱক-যুৱতী সকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে বিটিচি চৰকাৰে পশু তথা মৎস পালনৰ জৰিয়তে ঘৰুৱা উৎপাদন বৃদ্ধি কৰি কিদৰে আৰ্থিকভাৱে লাভৱান হ’ব পাৰি , তাৰ প্ৰতি গুৰুত্ব দিবলৈ হিতাধিকাৰী সকলৰ প্ৰতি আহ্বান জনায় ৷ ভাষণ প্ৰসংগত তেখেতে পূৰ্বৰ বিপিএফ চৰকাৰৰ দিনত বিটিচিৰ কেবাটাও বিভাগত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল যদিও মীন বিভাগত এতিয়ালৈ কোনো তেনে দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহা নাই বুলি উল্লেখ কৰে ৷ কাৰ্যবাহী সদস্য গৰাকীয়ে লগতে বিটিচিৰ মীন বিভাগে বাক্সা জিলাৰ কোকিলাবাৰীত দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু ওডালগুৰি জিলাৰ বৰজামুগুৰিত প্ৰায় আশী বিঘা ভূমিত মৎস পালনৰ উদ্দেশ্যে বিভাগীয়ভাৱে বৃহৎ পুখুৰী খান্দি থকাৰ কথাও ব্যক্ত কৰে ৷ উল্লেখ্য যে , আজি বাক্সা জিলাৰ ৮১ গৰাকী মীন পালকৰ মাজত বিনামূলীয়াকৈ মাছৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷ আজিৰ এই কাৰ্যসূচীত মুছলপুৰ পৰিষদীয় সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ মনেশ্বৰ বসুমতাৰী,বাক্সা জিলা মীন উন্নয়ণ বিষয়া নীলো দাস,মীন উন্নয়ণ বিষয়া অভিজিত চৌধুৰীকে ধৰি বিভাগটোৰ কেবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷