মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত বাচনাঘাটত সাহিত্য সভাৰ নতুন শাখা সমিতি গঠন

50

মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত বাচনাঘাটত সাহিত্য সভাৰ নতুন শাখা সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ সেৱা , ভূৰবন্ধা , ২৬ চেপ্তেম্বৰ : অসম সাহিত্য সভাৰ অধিনস্থ মৰিগাঁও জিলা সমিতিৰ সভাপতি প্ৰতাপ হাজৰিকা আৰু সম্পাদক পিনাকী ভূষণ মহন্তৰ বলিষ্ঠ প্ৰদক্ষেপত একাংশ নিষ্ক্ৰিয় হৈ থকা শাখা সমিতিক পুনৰ সক্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা চলায় অহাৰ সমান্তৰালভাৱে নতুন নতুন শাখা সমিতি গঠনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । ৰবিবাৰে দুপৰীয়া বাচনাঘাটস্থিত মৰিগাঁও জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বঙলাত শাখা সমিতি গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত হয় । চুৰেন শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা উক্ত সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা আৰু সম্পাদক পিনাকী ভূষণ মহন্তই অসম সাহিত্য সভাৰ সাংবিধানিক নিয়মানুৱৰ্তীতা আৰু নতুন সমিতি গঠনৰ লগতে কেনেদৰে সভ্যভৰ্তি হ’ব পাৰি , সেই বিষয়ে বক্তব্য আগবঢ়ায় । সভাৰ কাৰ্যসূচী অনুসাৰে সভাত উপস্থিত থকা প্ৰতিগৰাকী সাহিত্য অনুৰাগীৰ মতামতত *বাচনাঘাট শাখা সাহিত্য সভা* নামেৰে নামাঙ্কিত কৰি কুশল বড়াক সভাপতি , কৃষ্ণানন্দ নাথক উপ-সভাপতি , বিশ্বজিৎ বড়াক সম্পাদক , মনোজ কুমাৰ মণ্ডলক সহ-সম্পাদক , ড্ৰিমি ৰাজাক পত্ৰিকা সম্পাদিকা , সংগীত শিল্পী ৰাজেশ বৰুৱাক সাংগঠনিক সম্পাদকৰ লগতে নাৰায়ণ দাসক কোষাধ্যক্ষ হিচাপে প্ৰস্তাৱক আৰু সমৰ্থক সকলৰ লগতে সভাৰ সন্মতি সাপেক্ষে শাখা সমিতি খন গঠন কৰা পৰিলক্ষিত হয় । নৱ গঠিত বাচনাঘাট শাখা সাহিত্য সভাৰ প্ৰতিগৰাকী বিষয়ববীয়াক আদৰণি আৰু শুভেচ্ছা জনোৱাৰ লগতে শাখাটিয়ে যাতে কম দিনৰ ভিতৰতে মৰিগাঁও জিলাখনৰ ভিতৰতে এখন লেখত লবলগীয়া শাখালৈ পৰ্যবক্ষিত হব পাৰে । উক্ত গঠনমূলক সভাখনত অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষক পৰেশ চন্দ্ৰ চৌধুৰী , ভূৰাগাওঁ শাখা সাহিত্য সভাৰ সভাপতি চুৰেন শৰ্মা , জিলা সাংগঠনিক সম্পাদক মনোজ কুমাৰ নাথ , জিলা কবি উপ-সমিতিৰ সদস্য ভৰত কুমাৰ নাথ আৰু গড়মাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভাগৱতীসহ কেইবাগৰাকীও উপস্থিত ব্যক্তিয়ে গঠনমূলক বক্তব্য আগবঢ়ায় ।