যমুনামুখত কৰাপশ্বন কন্ট্ৰল অৰ্গেনাইজেছনৰ কাৰ্যালয় উদ্বোধন

109

যমুনামুখত কৰাপশ্বন কন্ট্ৰল অৰ্গেনাইজেছনৰ কাৰ্যালয় উদ্বোধন

ষ্টাফ ৰিপৰ্টাৰ , হবিবুৰ ৰহমান , ১১ ছেপ্তেম্বৰঃ হোজাই জিলাৰ যমুনামুখত কৰাপশ্বন কন্ট্ৰল অৰ্গেনাইজেছনৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হয় । কাৰ্যালয় খন উদ্বোধন কৰে অসম গণ পৰিষদ দলৰ নেতা ছাদিকুল্লা ভূঞাই । উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক ডক্তৰ ৰেজাক মাজাৰ ভূঞা আৰু ভাৰতীয় সেনা বাহিনীৰ জোৱান দিব্যজ্যোতি বৰা । কাৰ্যালয় উদ্বোধনী অনুষ্টানৰ লগত সংগতি ৰাখি এখনি সম্বৰ্ধনা অনুষ্টানৰ আয়োজন কৰা হয় ৷ সম্বৰ্ধনা অনুষ্টানত হোজাই জিলাৰ চি চি অৰ সক্ৰিয় সদস্য সকলক বীৰ কৰোণা যুদ্ধা হিচাপে বঁটাৰে সম্বৰ্ধনা জনায় ৰাষ্ট্ৰীয় সচিব তথা সভাপতি দিব্যজ্যোতি বৰা আৰু অসম প্ৰদেশৰ সাধাৰণ সম্পাদক গুলজাৰ হুছেইন ভূঞাই । চি চি অৰ জিলা সভাপতি ৰিয়াজুল হকে সভাৰ উদ্দেশ্য বিতং বাবে ব্যাখ্যা কৰে । লগতে চি চি অৰ মহিলা মৰ্চাৰ উপ-সভাপতি ফাৰমিন বেগম উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে , সমাজৰ নিৰ্যাতিত হোৱা নাৰী সকলক ন্যায় প্ৰদানৰ বাবে তেওঁ জিলা আইন সেৱা প্ৰাধিকৰণৰ লগত সদায় সহযোগ কৰি যাব ৷ তাৰোপৰি তেওঁ নাৰী শিক্ষা , সৱলিকৰণ আৰু সুৰক্ষাৰ বিষয়েও বহু গুৰুত্ব পূৰ্ণ মন্তব্য আগবঢ়ায় । উক্ত অনুষ্ঠানত যমুনামুখৰ যুৱ-প্ৰজন্মৰ সহায়-সহযোগীতাক হোজাই জিলাৰ কৰাপশ্বন কন্ট্ৰল অৰ্গেনাইজেছনৰ জিলা সমিতিয়ে আন্তৰিক বাবে ধন্যবাদ জ্ঞাপন কৰে।