যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰিব লগা বিশেষ বঁটাত ডিগবৈ সাংবাদিক হীৰা ফুকনৰ নাম

53

যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰিব লগা বিশেষ বঁটাত ডিগবৈ সাংবাদিক হীৰা ফুকনৰ নাম

দুৰ্নীতিৰ দৰ্পণ সেৱা ,দ্বীপেন শইকীয়া , ডিগবৈ , ০২ ডিচেম্বৰঃ ৰাজ্যখনৰ সাংবাদিক সকলৰ এটি উল্লেখযোগ্য সংগঠন ৰূপে পৰিচয় বহন কৰা যুৱ সাংবাদিক সন্থা,অসমে বিগত বৰ্ষৰ দৰে এইবাৰো ১০ ফেব্ৰুৱাৰী তাৰিখে চতুর্থ বার্ষিক প্রতিষ্ঠা দিৱসটি উদযাপন কৰিবলৈ যো জা কৰিছে ৷ প্ৰতিষ্ঠা দিৱসটিৰ লগত সংগতি ৰাখি ৰাজ্যৰ সংবাদ ক্ষেত্ৰখনত দীর্ঘদিনে নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহা কেইগৰাকীমান সাংবাদিকক,তেখেতসকলে সমাজৰ বাবে আগৱঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ‘সংবাদ শিৰোমণি’ বঁটাকে ধৰি কেইবাটাও শিতানত একোটাকৈ বঁটা আৰু সন্মান আগবঢ়াবলৈ সিদ্ধান্ত গ্রহণ কৰিছে । এই আঠোটা বিশেষ বঁটা প্ৰাপক সকলৰ ভিতৰত ডিগবৈৰ সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী যুৱক হিচাপে সৰ্বপৰিচিত বন্যপ্রাণী পৰিৱেশ সম্পৰ্কীয় শ্রেষ্ঠ সাংবাদিকতাৰ সন্মান নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তা কাকতক ডিগবৈৰ স্হানীয় সাংবাদিক হিচাপে কৰ্মৰত হীৰা ফুকনক প্ৰদান কৰাৰ কথা প্ৰকাশ কৰাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ডিগবৈবাসী ৷ যুৱ সাংবাদিক সন্থা অসমে হীৰা ফুকনলৈ আগৱঢ়াব লোৱা এই সন্মানক ডিগবৈবাসীয়ে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যুৱ সাংবাদিক সন্থাৰ সভাপতি চন্দন দাস আৰু সম্পাদক কাঞ্চনজ্যোতি গোহাঁইক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ লগতে চতুৰ্থ বাৰ্ষিকী প্ৰতিষ্ঠা দিৱসটো সফল ৰূপায়ণ কামনা কৰিছে ৷