লাডাখত বিশ্বৰ উচ্চতম স্থানত ভ্রাম্যমাণ ডিজিটেল চলচ্চিত্র প্রেক্ষাগৃহ স্থাপন

121

লাডাখত বিশ্বৰ উচ্চতম স্থানত ভ্রাম্যমাণ ডিজিটেল চলচ্চিত্র প্রেক্ষাগৃহ স্থাপন

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ,৩০ আগষ্টঃ বিশ্বৰ ভিতৰতে লাডাখৰ আটাইতকৈ ওখ স্থানত স্থাপন কৰা হৈছে প্রথমটো ছলমান ডিজিটেল চলচ্চিত্র প্রেক্ষাগৃহ ৷ এই প্রেক্ষাগৃহটো স্থাপন কৰা হৈছে ১১,৫৬২ ফুট উচ্চতাত ৷ অর্থাৎ বিশ্বৰ আটাইতকৈ উচ্চ চলচ্চিত্র প্রেক্ষাগৃহ হিচাপে চিহ্ণিত হৈছে লাডাখত নতুনকৈ স্থাপন কৰা প্রেক্ষাগৃহটো ৷ লাডাখৰ লেহৰ পালডান অঞ্চলত স্থাপন কৰা এই প্রেক্ষাগৃহটো বিভিন্ন অঞ্চললৈ প্রেৰণ কৰা হ’ব ৷ দুর্গম পার্বত্য অঞ্চলত চলেচ্চিত্র উপভোগৰ অভিজ্ঞতা লাভ কৰিব লাডাখবাসীয়ে ৷ উল্লেখনীয় যে , প্রথম ছবি প্রদর্শনীৰ সময়তে নেচনেল স্কুল অৱ ড্রামাৰ শিল্পী মেফাম ওটছালে সংবাদ সংস্থা এ এন আইক জনায় যে এই প্রেক্ষাগৃহটোৰ তৰফৰ পৰা সুলভ মূল্যত টিকট যোগান ধৰা হ’ব ৷ ইয়াৰ উপৰি প্রেক্ষাগৃহটোত দর্শকসকলে লাভ কৰিব বিভিন্ন সুবিধা ৷ লক্ষণীয়ভাৱে প্রেক্ষাগৃহটোত বহিব পৰা পর্যাপ্ত আসনৰ ব্যৱস্থা কৰা হৈছে ৷ এই প্রেক্ষাগৃহটোৰ জৰিয়তে বিশ্বত শিল্প আৰু চলচ্চিত্রৰ এক নতুন বাট মুকলি হোৱা বুলিও উল্লেখ কৰে ওটছালে ৷ উল্লেখনীয় যে , লেহত এনে ধৰণৰ চাৰিটা ভ্রাম্যমাণ প্রেক্ষাগৃহৰ ব্যৱস্থা কৰিব উদ্যোক্তাসকলে ৷