লুইতপৰীয়া মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কৰ্মশালা

97

লুইতপৰীয়া মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কৰ্মশালা

দুৰ্নীতিৰ দৰ্পণ সেৱা , নগৰবেৰা , ১২ অক্টোবৰঃ বৰপেটা জিলাৰ আলোপতি-মাজৰচৰস্থ লুইতপৰীয়া মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি , আভ্যন্তৰীণ মান নিৰূপন কোষ আৰু সাহিত্য কাননৰ উদ্যোগত সোমবাৰ আৰু মঙ্গলবাৰে “নাৰী সৱলীকৰণ আৰু লিংগ বৈষম্যতা”ৰ ওপৰত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এক কৰ্মশালা অনুষ্ঠিত হয় । অনুষ্ঠানত আলোচক হিচাপে-মহাবিদ্যালয় খনৰ সহযোগী অধ্যাপক ছামচুল আলম ছৰোৱাৰ্দ্দী , আবু আয়ুব আহমেদ , ড০ আনোৱাৰ হুছেইন , ড° জাকিৰ হুছেইন উঃ মাঃ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল মজিদ , গুৰুচৰণ মহাবিদ্যালয়(শিলচৰ)ৰ সহযোগী অধ্যাপক ড০ ময়নুল হক , দলগোমা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ চাজিদা আহমেদ , আলোপতিচৰ আৰক্ষী থানাৰ অ’চি বিদ্যুৎ ঠাকুৰীয়া আদি বিশিষ্ট ব্যক্তি সকল । উক্ত কৰ্মশালাত আলোপতি মাজৰচৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত সকলো অংগনৱাড়ী কৰ্মী , আশা কৰ্মী , আত্মসহায়ক গোটৰ মুঠ চাৰিশ (৪০০) গৰাকী মহিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । মহাবিদ্যালয় খনৰ অধক্ষ ড° জছিম উদ্দিনে উপস্থিত সকলোৰে শলাগ লয় ।