“শব্দ-সাঁকো” সাহিত্য গোটৰ বাৰ্ষিক অধিবেশন সম্পন্ন , উন্মোচন হয় ১১ খনকৈ ভিন্ন স্বাদৰ গ্ৰন্থ

158

“শব্দ-সাঁকো” সাহিত্য গোটৰ বাৰ্ষিক অধিবেশন সম্পন্ন , উন্মোচন হয় ১১ খনকৈ ভিন্ন স্বাদৰ গ্ৰন্থ

দুৰ্নীতিৰ দৰ্পণ সেৱা , টীয়ক , ৬ ডিচেম্বৰ : যোৰহাটতস্থিত অসম সাহিত্য সভাৰ কেন্দ্রীয় কাৰ্যলয় ৰাধাকান্ত সন্দিকৈ ভৱনত দেওবাৰে অসমৰ অন্যতম সাহিত্য চৰ্চাৰ গোট শব্দ-সাঁকোৰ বাৰ্ষিক অধিৱেশন সফলতাৰে সমাপ্তি ঘটে । পুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা অধিবেশনত সভাপতিত্ব কৰে ৰমেন শইকীয়াই । অসমৰ প্ৰায় প্ৰতিখন জিলাৰ পৰা অহা সাহিত্যনুৰাগী প্ৰতিনিধি সকলৰ উপস্থিতিত সুন্দৰকৈ অনুষ্ঠিত হয় বাৰ্ষিক অধিবেশন । দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত বাৰ্ষিক অধিবেশনত যুটীয়াভাৱে আঁত ধৰে মুখ্য সম্পাদক মনশ্ৰী হাজৰিকা , অবিনাশ বড়া আৰু শব্দ-সাঁকো সাহিত্য গোটৰ সভাপতি জ্যোৎস্না বৰা শইকীয়াই । উক্ত অধিবেশনত বিশ্বনাথ নিবাসী জনপ্ৰিয় কবি প্ৰেম বৈষ্ণৱৰ কাব্যগ্ৰন্থ ক্ৰমে “মই তোমাৰ আজন্ম প্ৰেমিক” আৰু “তুমিয়েই মোৰ জীৱনৰ কবিতা” শীৰ্ষক কাব্যসংকলন দুখনৰ শুভ উন্মোচন কৰা হয় । লগতে উন্মোচন কৰে প্ৰজ্ঞাকস্তুৰী প্ৰকাশনৰ পৰা প্ৰকাশ কৰা কেইবাগৰাকী বিশিষ্ট কবিৰ কাব্যসংকলন উন্মোচন । গুৱাহাটী আমৰাঙ্গা নিবাসী মামনি কলিতাৰ “সেই মিঠা হাহিটো”, বিশ্বনাথ জিলাৰ অৰ্পনা হাজৰিকা তামুলীৰ “সুগন্ধি শব্দমালা”, মীনা বৰাৰ “ভাৱনাৰ ইপাৰে সিপাৰে”, বৰ্ণালী পাটগিৰীৰ “নয়নাৰ কথাৰে”, মৌচুমী গোহাঁইৰ “অনুভৱৰ জোনাক”, নীভা বৰা বৰুৱাৰ “অনুভৱৰ স্নিগ্ধ জোনাক”, ৰেখা গোহাঁইৰ “জীৱনৰ ৰং”, হিৰুমা শইকীয়াৰ “নেদেখা নদীৰ সীপাৰে” আৰু দাদুমণি বৰাৰ সম্পাদনাত “শব্দ-সাঁকো” আলোচনীৰ ছপা সংখ্যাকে ধৰি মুঠ ১১ খন গ্ৰন্থ উন্মোচন কৰা হয় । শব্দ-সাঁকো আলোচনীখন উন্মোচন কৰে ৰমেন শইকীয়াই । এই অনুষ্ঠানত অসমৰ কেবাগৰাকী কবি তথা সাহিত্যিকক আনুষ্ঠানিক ভাৱে বিভিন্ন বঁটাৰে সন্মানিত কৰা হয় । সেই সকলৰ ভিতৰত বিশ্বনাথৰ প্ৰেম বৈষ্ণৱক “কাব্যৰত্ন” উপাধি প্ৰদান কৰাৰ লগতে তেজপুৰৰ ৰিঞ্জুমণি নেওগ বৰাক “সাহিত্য ৰত্ন” উপাধি , গুৱাহাটীৰ আমৰাঙ্গাৰ মামনি কলিতাক “কাব্য নন্দিনী” উপাধি আৰু পঙ্কজ বৰুৱা গায়নক “কৃষ্টি ৰত্ন” উপাধি প্ৰদান কৰা হয় ৷ তাৰোপৰি আড়ম্বৰপূৰ্ণ এই অনুষ্ঠানতে গৌতম গগৈক “বৰ্ষশ্ৰেষ্ঠ কবি” সন্মান আৰু অৰ্পনা হাজৰিকা তামুলী, মৌচুমী গোহাঁই, মামণি শৰ্মা, ৰেখা গোহাঁই, ৰাতুল দাস, নিভা বৰা বৰুৱা, হিৰোমা শইকীয়া, স্বপ্না গোহাঁই আৰু মিনা বৰাক “সাহিত্য সৌৰভ” সন্মানেৰে সন্মানিত কৰা হয় । অঞ্জন শইকীয়াই আকৰ্ষণীয়কৈ সজাই তোলা মঞ্চত শব্দ-সাঁকোৰ চতুর্থ বৰ্ষপূৰ্তি অনুষ্ঠান সফলতাৰে সম্পন্ন হয়।