অসমৰ প্ৰাক্তন কংগ্ৰেছ সাংসদ সুস্মিতা দেৱৰ তৃণমূল কংগ্ৰেছত যোগদান

165

অসমৰ প্ৰাক্তন কংগ্ৰেছ সাংসদ সুস্মিতা দেৱৰ তৃণমূল কংগ্ৰেছত যোগদান

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১৬ আগষ্টঃ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু ৰাজ্যসভাৰ সাংসদ ডেৰেক অব্ৰিয়েনৰ উপস্থিতিত আজি প্ৰাক্তন কংগ্ৰেছী সাংসদ সুস্মিতা দেৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে । উল্লেখযোগ্য যে,আজি পুৱা অসমৰ প্ৰাক্তন কংগ্ৰেছ সাংসদ গৰাকীয়ে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল । সুস্মিতা দেৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ সময়ত ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বত আছিল তেও । কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে সুস্মিতা দেৱে তেওঁৰ টুইটাৰত নিজকে প্ৰাক্তন ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী বুলি লিখে । আনহাতে,কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছতে সুস্মিতা দেৱে ৰাইজৰ সেৱক হিচাপে নতুন অধ্যায়ৰ আৰম্ভণি বুলিও উল্লেখ কৰে । কংগ্ৰেছৰ পৰা সুস্মিতা দেৱে পদত্যাগ কৰাৰ পাছতে কংগ্ৰেছৰ বহু নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বহুতে সুস্মিতা দেৱৰ পদত্যাগক দুৰ্ভাগ্যজনক আখ্যা দিয়ে । অসমৰ সাংসদ গৌৰৱ গগৈয়ো সুস্মিতা দেৱৰ পদত্যাগক দুৰ্ভাগ্যজনক আখ্যা দি সুস্মিতা দেৱে ছোনিয়া গান্ধীয়ে তেওঁক অৰ্পন কৰা দায়িত্ব সম্পুৰ্ণৰূপে পালন কৰাত ব্যৰ্থ হ’ল বুলি কয় ।