উপ নিৰ্বাচনৰ পৰাই বিজেপিৰ পতন আৰম্ভ হ’ব : ৰকিবুল হুছেইন

81

উপ নিৰ্বাচনৰ পৰাই বিজেপিৰ পতন আৰম্ভ হ’ব : ৰকিবুল হুছেইন

দুৰ্নীতিৰ দৰ্পণ সেৱা,মিজানুৰ ৰহমান, গোসাঁইগাঁও , ১৫ ছেপ্টেম্বৰঃ বিজেপিয়ে বিভাজনৰ ৰাজনীতি কৰে । বড়ো জাতিক ভাগ ভাগ কৰি প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীক দুই ভাগত বিভক্ত কৰিলে ৷ তেনেদৰে চাহ জনজাতিকো ভাগ ভাগ কৰিলে ৷ বিজেপিয়ে সকলো জনগোষ্ঠীৰ লোকক ভাগ ভাগ কৰি ৰাজনীতি কৰিছে ৷ আদিবাসী আদিকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰি ৰাজনীতি কৰি প্ৰতাৰণা কৰিছে । আনহাতে , নিত্য প্ৰয়োজনীয় সামগ্ৰী মিঠাতেল , পেট্ৰল , ডিজেলৰ অভাৱনীয় মূল্য বৃদ্ধি পাইছে ৷ বিজেপি দলক প্ৰতিহত কৰিব দলেই হৈছে কংগ্ৰেছ দল ৷ বিজেপি শাসনত অহাৰ পিছৰে পৰা ৰাইজ যেন ভয় শংকাত দিন অতিবাহিত কৰি আছে । গতিকে , উপ নিৰ্বাচনৰ পৰাই বিজেপিৰ দলৰ পতন আৰম্ভ হ’ব । অসম বিধান সভাৰ বিৰোধী দলৰ উপ দলপতি , বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বুধবাৰে গোসাঁইগাঁৱৰ ভোমৰাবিলত এনেদৰে মন্তব্য কৰে । কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত বুধবাৰে ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ ভোমৰাবিলত আয়োজিত এখন মত বিনিময় সভাত অসম বিধান সভাৰ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি আৰু কয় যে , বিজেপিৰ শাসন কালত আত্যাৱশ্যকীয় সামগ্ৰীৰ অতিমাত্ৰা মূল্য বৃদ্ধিয়ে ৰাইজক যমৰ যাতনা ভোগাইছে ৷ বিজেপি চৰকাৰে বাতৰি কাকতত ডাঙৰ ডাঙৰ হৰফৰে বিজ্ঞাপন দি বৃহৎ অংকৰ ধনৰ শৰাধ কৰিছে ৷ এই ধন ৰাইজৰ ধন ৷ বিজেপি চৰকাৰৰ জনবিৰোধী ইতিবৃত্ত সমূহ কলে দিন ৰাতিত শেষ নহ’ব ৷ কংগ্ৰেছ দলে গোসাইগাঁও সমষ্টিত উপ নিৰ্বাচনত আদিবাসী জনগোষ্ঠীৰ লোকক টিকট প্ৰদান কৰিব বুলিও ঘোষণা কৰে ৷ কংগ্ৰেছৰ দূৰ্গ স্বৰূপ গোসাইগাঁও সমষ্টি কংগ্ৰেছ দলে দখল কৰিব ৷ ইতিমধ্যে গোসাইগাঁও সমষ্টিবাসী কংগ্ৰেছ দলক ইতিবাচক সঁহাৰি দিছে বুলিও উল্লেখ কৰে ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো বিজেপিয়ে চৰম প্ৰতাৰণা কৰিছে ৷ জিলা কংগ্ৰেছৰ সভাপতি মমিনুৰ ইছলামৰ সভাপতিত্ব অনুষ্ঠিত মত বিনিময় সভাত বিধায়ক ছোবাহান আলী সৰকাৰ , বিধায়ক আব্দূৰ ৰসিদ মণ্ডল , বিধায়ক যাদৱ স্বৰ্গীয়াৰী , এপিচিচি সাধাৰণ সম্পাদক বিমান মণ্ডল আদি নেতৃবৃন্দই বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে । আজিজুল হকে পৰিচয় পৰ্বৰ আত ধৰা সভাত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য খ্ৰীছষ্টম টুডু , জিলা কংগ্ৰছ কমিটিৰ সাধাৰণ সম্পাদক নূৰ আলমসহ বহু নেতৃবৃন্দ আৰু ৰাইজ উপস্থিত থাকে ।