কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ মোডীৰ প্ৰাক্তন মন্ত্ৰী দিল্লীত গ্ৰেপ্তাৰ

142

কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ মোডীৰ প্ৰাক্তন মন্ত্ৰী দিল্লীত গ্ৰেপ্তাৰ

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , ২০ ছেপ্তেম্বৰঃ এনডিটিভিৰ প্ৰতিবেদনত প্ৰকাশ যে , কালি দিল্লী আৰক্ষীয়ে কৃষি আইনৰ বিৰুদ্ধে দিল্লীত এক প্ৰতিবাদত যোগদান কৰিবলৈ যোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিম্ৰত কৌৰ বাদক গ্ৰেপ্তাৰ কৰে । এই গৰাকী শিৰোমণি অকালি দলৰ সাংসদ হৰচিম্ৰত কৌৰ বাদলে মাত্ৰ এবছৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰোধিতা কৰি নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল । হৰচিমৰাটৰ লগতে তেওঁৰ স্বামী তথা পঞ্জাৱৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুখবীৰ বাদলকে ধৰি ১২ জন অকালি নেতাক গ্ৰেপ্তাৰ কৰা হৈছে । গুৰুদ্বাৰা ৰকাবগঞ্জৰ পৰা পদযাত্ৰা কৰি সংসদ ভৱনলৈ যাওঁতে সংসদ মাৰ্গ আৰক্ষীয়ে তেওঁলোকক আটক কৰি সংসদ থানালৈ যায় । দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে যে , সুখবীৰ , হৰচিমৰাটকে ধৰি অকালি নেতাসকলক প্ৰয়োজনীয় অনুমতি অবিহনে পদযাত্ৰা কৰা আৰু ১৪৪ ধাৰা ভংগ কৰাৰ বাবে আটক কৰা হয় । মোডী চৰকাৰৰ কৃষি আইনৰ প্ৰতিবাদত হৰচিমৰাটে যোৱা বছৰ ১৮ ছেপ্টেম্বৰত কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল । অকালি দলেও বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটও ত্যাগ কৰে । অহা বছৰৰ আৰম্ভণিতে পঞ্জাৱ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা । ৰাজনৈতিক বিশ্লেষক সকলে কয় যে , আগন্তুক নিৰ্বাচনৰ কথা চিন্তা-চৰ্চা কৰিয়ে অকালি নেতাসকলে কৃষি বিধেয়কৰ কৃষক সকলৰ লগত তেওঁলোকৰ আন্দোলনত চামিল হ’ব বিচাৰিছে ।