গোলাঘাটত ৰাইজৰ দলৰ পৰ্যালোচনা সভা

116
গোলাঘাটত ৰাইজৰ দলৰ পৰ্যালোচনা সভা
দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ২১ আগষ্ট : অখিল গগৈৰ নেতৃত্বত ন ৰূপত সাংগঠনিক ভিত্তি গঢ়িব বুলি মন্তব্য গোলাঘাটত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কমল মেধিৰ তথা কেন্দ্ৰীয় সমিতিৰ মহিলা মৰ্চাৰ বিষয়া গীতাঞ্জলী বৰাৰ l উল্লেখযোগ্য যে , আজি গোলাঘাট নগৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ পৰ্য্যালোচনা সভাত উপস্থিত থকা ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়াৰ লগতে গোলাঘাট জিলা সমিতিৰ   গুৰুত্বপূৰ্ণ বৈঠকত আগন্তক সময়ত নিজ দলটোক পুৰ্বতকৈয়ো অধিক শক্তিশালী কৰাৰ বাবে বহু গুৰুত্ব পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কমল মেধি আৰু জ্ঞানশ্ৰী বৰাই ৷ লগতে দুয়ো গৰাকীয়ে মত প্ৰকাশ কৰে যে , আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত বিধায়ক অখিল গগৈয়ে কোৱাৰ দৰে সকলো বিজেপি বিৰোধী শক্তিসমূহ এক হৈ নিৰ্বাচনত অংশ গ্ৰহণ কৰিব লাগে ৷ প্ৰাৰ্থিৰ বাচনিৰ ক্ষেত্ৰতো বিজেপিক প্ৰত্যাহবান জনাব পৰাকৈ সকলোৱে সন্মিলিত ভাৱে প্ৰাৰ্থি থিয় কৰাব লাগিব ৷ এই ক্ষেত্ৰত কংগ্ৰেছ দলে যদি AIUDF দলৰ লগ এৰি নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰিব বিচাৰে , তেন্তে ৰাইজৰ দলে তেঁওলোকৰ লগত সহযোগিতা কৰি নিৰ্বাচনত প্ৰতিনিধিত্ব আগবঢ়াবলৈ ৰাজি আছে বুলি মত প্ৰকাশ কৰে ৷ কিন্ত AIUDF ৰ লগত মিত্ৰতা ত্যাগ নকৰালৈকে ৰাইজৰ দলে তেঁওলোকৰ লগত এক নহয় বুলি জানিবলৈ দিয়ে । কিয়নো , তেওলোকৰ মতে , বিজেপি আৰু AIUDF দুয়োটাই একো একোটা  সাম্প্ৰদায়িক দল ৷