গোলাঘাটৰ অগপৰ কাৰ্যালয়ত অসম মহিলা পৰিষদৰ সমিতি গঠন

78

গোলাঘাটৰ অগপৰ কাৰ্যালয়ত অসম মহিলা পৰিষদৰ সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ২৬ চেপ্তেম্বৰঃ গোলাঘাট মিছন ৰোড স্থিত অসম গণ পৰিষদৰ কাৰ্য্যালয়ত আজি বহু সংখ্যক মহিলাৰ অগপ দলত যোগদান কৰে বুলি মত প্ৰকাশ । আজি অসম গণ পৰিষদৰ কাৰ্য্যালয়ত অসম মহিলা পৰিষদ নামেৰে জিলা সমিতিখন গঠন কৰা হয় । উক্ত সভাত গোলাঘাট জিলাৰ বহু সংখ্যক মহিলাই অসম গণ পৰিষদত যোগদান কৰে বুলি অসম গণ পৰিষদ গোলাঘাট জিলা সমিতিৰ বিষয় ববিয়া সকলে জানিবলৈ দিয়ে । উক্ত সভা খনত অসম গণ পৰিষদ দলটো আগুআই নিয়াৰ ক্ষেত্ৰত আৰু মহিলা সকলৰ সুবিধাৰ হেতু বহুতো গুৰুত্ব পূৰ্ণ আলোচনা কৰা হয় বুলিও অসম গণ পৰিষদ বিষয়ববীয়া সকলে জানিবলৈ দিয়ে ৷