গোলাঘাট আমলাপট্টি স্থিত বিজেপি কাৰ্য্যালয়ত কৃষাণ মৰ্চাৰ সংবাদ মেল

151

গোলাঘাট আমলাপট্টি স্থিত বিজেপি কাৰ্য্যালয়ত কৃষাণ মৰ্চাৰ সংবাদ মেল

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৩০ চেপ্তেম্বৰ : আজি গোলাঘাট আমলাপট্টি স্থিত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ কাৰ্য্যালয়ত কৃষাণ মৰ্চাৰ এখনি সংবাদমেল অনুষ্ঠিত হৈ যায় । উক্ত সংবাদ মেলত কৃষাণ মৰ্চাই আগন্তুক পৰিকল্পনাৰ বিষয়ে আৰু চৰকাৰে ৰাইজৰ প্ৰতি আগবঢ়োৱা বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু পদক্ষেপৰ বিষয়ে সংবাদমেলত আলোচনা কৰে কৃষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেবজিত বৰাই । উক্ত সংবাদমেলতে সভাপতিজনে জনাই যে , আগন্তুক ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীৰ আদৰ্শেৰে জিলাই জিলাই সমদল আৰু খাদী বস্তু কাৰ্যসূচী গ্ৰহণ কৰিব ৷ আনহাতে , দেশৰ কৃষক সকলৰ সুবিধাৰ্থে ২০২২ বৰ্ষৰ ভিতৰত ৰাষ্ট্ৰখনৰ কৃষক সকলৰ উপাৰ্জন দূগুণ কৰাৰ লক্ষেৰে চৰকাৰী ভাৱে ৰাজ্যৰ কৃষকৰ পৰা নিম্নতম সমৰ্থন মূল্য (MSP) অনুসৰি ধান সাধাৰণ ১৮৬৮ ৰ পৰা ১৯৪০ লৈ আৰু এ’ গ্ৰেড ধান ১৮৮৮ ৰ পৰা ১৯৬০ লৈ বৃদ্ধি কৰা বুলি জানিবলৈ দিয়ে ৷ লগতে ১০ লাখ টন ধান ৰাজ্যখনৰ পৰা ক্ৰয় কৰাৰ লক্ষ্যত উপনিত হৈছে বুলিও জানিবলৈ দিয়ে ৷ আনহাতে , ধানৰ ন্যুনতম সমৰ্থন মূল্য কেন্দ্ৰ চৰকাৰে প্ৰতি কুইন্টলত ১৯৪০ টকাকৈ ধাৰ্য কৰিছে বুলিও ব্যক্ত কৰে ৷ অৱশ্যে স্বীকৃতি প্ৰাপ্ত বা অনুজ্ঞাপত্ৰ থকা কৃষক সকলৰ পৰাহে ধন ক্ৰয় কৰা হ’ব বুলিও সভাপতি গৰাকীয়ে সংবাদ মেলত জানিব দিয়ে ৷ সেয়ে এই ক্ষেত্ৰত বৃহত্তৰ দৈয়াং অঞ্চল অথবা সীমান্তৱৰ্তী কৃষক সকলৰ যিসকলৰ মাটিৰ পট্টা নাই বা যিসকলৰ খাজনা লোৱাৰ ব্যৱস্থা আজিলৈকে হোৱা নাই , তেওলোকৰ পৰা কেনেদৰে ধন ক্ৰয় কৰিব বুলি এচাম সচেতন মহলে প্ৰশ্ন উত্থাপন কৰা বুলি জানিবলৈ পোৱা যায় ৷ গতিকে , এই ক্ষেত্ৰত চৰকাৰে এনে কৃষকসকলৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে , সেই বিষয়টোও যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব ৷