ত্ৰিপুৰাত ৰাজনৈতিক হিংসাৰ ভয়াৱহ ৰূপ , ত্ৰিপুৰাত চিপিআই(এম)–বিজেপৰ সমৰ্থকৰ সংঘৰ্ষঃ আহত ১২

80

ত্ৰিপুৰাত ৰাজনৈতিক হিংসাৰ ভয়াৱহ ৰূপ , ত্ৰিপুৰাত চিপিআই(এম)–বিজেপৰ সমৰ্থকৰ সংঘৰ্ষঃ আহত ১২

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ, ৮ ছেপ্টেম্বৰ : ক্ষমতা লাভৰ স্বাৰ্থই চৰম পৰ্যায় পাইছে ত্ৰিপুৰাত । একাংশ ৰাজনৈতিক দলৰ কৰ্মকৰ্তাৰ অবিবেচক কাণ্ডই কলুষিত কৰিছে ত্ৰিপুৰাৰ ৰাজনীতি । ৰাজ্যখনত ৰাজনৈতিক দলৰ মাজৰ বিবাদ নতুন কথা নহয় । কিন্তু বিজেপি-আইপিএফটিৰ চৰকাৰ গঠনৰ পিছত প্ৰথমবাৰৰ বাবে বাওঁপন্থী দলৰ কৰ্মকৰ্তায়ো কৰিলে শক্তি প্ৰদৰ্শন । সোমবাৰে চেপাহিজালা জিলাৰ অন্তৰ্গত ধনপুৰ বিধানসভা সমষ্টিত চি পি আই এম আৰু বিজেপি সমৰ্থকৰ মাজত সংঘাতৰ সূত্ৰপাত হয় । এই সংঘাতে ইমানেই ভয়াৱহ ৰূপ ল’লে যে ১২ জনকৈ বিজেপি কৰ্মী আহত হ’বলগীয়া হ’ল । স্থানীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি , বিৰোধী দল চি পি আই এমৰ নেতা মানিক সৰকাৰে সোমবাৰে পূৰ্বে নিৰ্ধাৰিত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ধনপুৰলৈ গৈছিল । ত্ৰিপুৰাত চিপিআই(এম)–বিজেপৰ সমৰ্থকৰ সংঘৰ্ষত ১২ জন বিজেপি কৰ্মী আহত কিন্তু , তেওঁৰ কনভয় ধনপুৰৰ সভাস্থলীৰ পৰা প্ৰায় পাঁচ-ছয় কিলোমিটাৰ দূৰত থকা বাশপুকুৰ অঞ্চলত উপস্থিত হোৱাৰ সময়তে একাংশ বিজেপি সমৰ্থকে তেওঁৰ প্ৰৱেশত বাধা প্ৰদান কৰে । কিছু সময়ৰ পিছতে উক্ত স্থানত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ মানিক সৰকাৰক আগবাঢ়ি নাযাবলৈ পৰামৰ্শ দিয়ে । কিয়নো,আৰক্ষীয়ে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছিল । চি পি আই এমে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি,মানিক সৰকাৰে আৰক্ষীৰ পৰামৰ্শ গ্ৰহণ কৰাত আপত্তি দৰ্শাইছিল আৰু আৰক্ষী বিষয়াসকলক তেওঁৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ কৈছিল । কিন্তু মানিক সৰকাৰে আৰক্ষীৰ সৈতে এই বিষয়ত তৰ্ক কৰি থকাৰ সময়তে হাতে হাতে লাঠি লৈ চি পি আই এমৰ শতাধিক কৰ্মী ঘটনাস্থলীত উপস্থিত হয় । চি পি আই এম কৰ্মীসকলে মানিক সৰকাৰৰ দুয়োকাষে থিয় দি এক প্ৰকাৰৰ সুৰক্ষা বেষ্টনী গঢ়ি তোলে আৰু সভাস্থলীলৈ যাত্ৰা আৰম্ভ কৰে । কিন্ত এই সময়তে দুয়োটা দলৰ সমৰ্থকসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । চি পি আই এমৰ কৰ্মীৰ হাতত গুৰুতৰভাৱে আহত হয় বিজেপি কৰ্মীসকল । ক্ষুদ্ধ চি পি আই এমৰ কৰ্মীসকলে গেৰুৱা দলটোৰ পতাকা দলিয়াই দিয়ে । লগতে বাসগৃহ, বাইক, দোকান আদিৰো ক্ষতিসাধন কৰে । এই সংঘাতত ১২ জন বিজেপি কৰ্মী আহত হয় । ততাতৈয়াকৈ আটাইকেইজনকে চিকিৎসালয়লৈ নিয়া হয় । ইয়াৰে তিনিজন কৰ্মীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আনহাতে,এই ঘটনাৰ পিছত মানিক সৰকাৰে ধনপুৰ বজাৰত অনুষ্ঠিত এখন জনসভাত অংশ লয় । সৰকাৰে “দুৰ্বৃত্ত”ৰ আক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত চি পি আই এমৰ কৰ্মকৰ্তাসকলে পালন কৰা ভূমিকাক লৈ প্ৰশংসা কৰে আৰু ৰাজ্যৰ আন প্ৰান্তৰ কৰ্মীসকলক তেওঁলোকৰ পৰা অনুপ্ৰেৰণা ল’বলৈ আহ্বান জনায় । আনহাতে,মন্ত্ৰী সুশান্ত চৌধুৰীয়ে এই হিংসাত্মক ঘটনা সন্দৰ্ভত কয় যে,এয়া প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ এক পৰিকল্পিত ঘটনা । এয়া এক ষড়যন্ত্ৰ মাথোঁ । কেৱল ক্ষমতা ঘূৰাই পাবলৈ চি পি আই এমে ৰাজ্যখনত অস্থিৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে আৰু বিজেপি দল শাসনত থকালৈকে সেয়া কেতিয়াও হ’বলৈ নিদিয়ে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । বিজেপিয়ে এই ঘটনাক গৰিহণা দি বুধবাৰে এক বিশাল প্ৰতিবাদী সমদলৰ আয়োজন কৰিব ।