নগাৱত বিজেপিৰ যুৱ-মৰ্চাৰ ৰক্ত দান শিবিৰ

48

নগাৱত বিজেপিৰ যুৱ-মৰ্চাৰ ৰক্ত দান শিবিৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান , নগাঁও , ২৫ ছেপ্টেম্বৰঃ সমগ্ৰ দেশতে ২০ দিনীয়া কাৰ্যসূচীৰে পালন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যাক জন্ম জয়ন্তী উপলক্ষে আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি নগাঁৱৰ মৰিকলংস্থ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্য্যালয় ভাজপেয়ী ভৱনত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয় । বিজেপি জিলা যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত ৰক্তদান শিবিৰত শতাধিক লোকে ইচ্ছাকৃতভাৱে আহি ৰক্তদান কৰে । বিজেপিৰ নগাঁও জিলা সভাপতি অভিজিত নাথে ৰক্তদান কৰি শুভাৰম্ভ কৰা শিবিৰত যুৱ মৰ্চাৰ বহুকেইখন কৰ্মকৰ্তাই ৰক্তদান কৰে । যুৱ মৰ্চাৰ কৰ্মকৰ্তা সকলে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ,ৰোগীসকলক জৰুৰীকালীন সময়ত তাৎক্ষণিক ভাৱে ৰক্ত দি সহায় কৰাৰ উদ্দেশ্যেৰে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হৈছে । এই ৰক্তদান শিবিৰ যোগেদি ৰক্ত সংগ্ৰহ কৰি সঞ্চয় কৰাৰো প্ৰায়াহ কৰিছে যুৱ মৰ্চাই । উক্ত ৰক্তদান শিবিৰত জিলা বিজেপিৰ সভাপতি অভিজিত নাথ,জিলা যুৱ-মৰ্চাৰ সভাপতি সুন্দৰ শৰ্মাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তা সকল আৰু মৰ্চাৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে ।