নগৰবেৰাত ছমৰীয়া ব্লক কংগ্রেছৰ উদ্যোগত প্ৰিয়ংকা গান্ধী ভদ্রাক মুক্তিৰ দাবীত প্ৰতিবাদী ধৰ্না কাৰ্যসূচী

116

নগৰবেৰাত ছমৰীয়া ব্লক কংগ্রেছৰ উদ্যোগত প্ৰিয়ংকা গান্ধী ভদ্রাক মুক্তিৰ দাবীত প্ৰতিবাদী ধৰ্না কাৰ্যসূচী

দুৰ্নীতিৰ দৰ্পণ সেৱা,নগৰবেৰা, ৫ অক্টোবৰঃ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্রাৰ মুক্তিৰ দাবীত আজি সমগ্র দেশৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত প্ৰতিবাদী ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে । সৰ্ব ভাৰতীয় জাতীয় কংগ্রেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাক মুক্তিৰ দাবীত নগৰবেৰাত ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী । ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলে কয় , নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাক উত্তৰ প্ৰদেশ চৰকাৰে কৃষকৰ পৰিয়ালক খবৰ লবলৈ যাওতে অন্যায়ভাবে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি তেনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শীঘ্ৰে মুক্তিৰ দাবী জনায় । প্ৰতিবাদকাৰী সকলে নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । মোদি চৰকাৰ হায় হায় , প্ৰিয়ংকা গান্ধীক মুক্তি দিয়ক আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে ।