বাঘবৰ সমষ্টিত বিজয় হোৱাৰ পিছত পদাৰ্পন বিধায়ক শ্বেৰমান আলী আহমেদঃউষ্ম আঁদৰণি ৰাইজৰ

76

বাঘবৰ সমষ্টিত বিজয় হোৱাৰ পিছত পদাৰ্পন বিধায়ক শ্বেৰমান আলী আহমেদঃউষ্ম আঁদৰণি ৰাইজৰ

দুৰ্নীতিৰ দৰ্পণ , বাঘবৰ , ২৭ আগষ্টঃ বৰপেটা জিলা বাঘবৰ সমষ্টিত পদাৰ্পন কৰিলে জনপ্ৰিয় বাকপটু বিধায়ক শ্বেৰমান আলী আহমেদ । পুস্প সজ্জিত গাড়ীৰে শংকৰ মাধৱ মহাবিদ্যালয়ৰ খেল পথাৰৰ পৰা অসংখ্য দলীয় কৰ্মীয়ে উষ্ম আঁদৰণি জনাই লৈ আহে মন্দিয়া ৰাজীৱ ভৱনত ।মন্দিয়া ৰাজীৱ ভৱনত উপস্থিত হৈ মন্দিয়া ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি আলি আকবৰ আহমেদৰ সভাপতিত্বত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ব্লক কংগ্ৰেছ কমিটিৰ উপ-সভাপতি আবুল হুছেইন আৰু সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে উদিয়মান যুৱক হজৰত আলীয়ে । বিশাল সম্বৰ্ধনা অনুষ্ঠানত তৃতীয় বাৰৰ ভাবে বিজয় সাব্যস্ত উপলক্ষে মন্দিয়া ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) ৰফিকুল ইছলামে এখন মান পত্ৰ পাঠ কৰি বিধায়ক শ্বেৰমান আলী আহমেদৰ হাতত অৰ্পন কৰে । সম্বৰ্ধনা অনুষ্ঠানত মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি , যুৱ কংগ্ৰেছ , মহিলা কংগ্ৰেছ , সেৱাদল , ভাতৃ সংগঠন এন এছ ইউ আইৰ সমূহ সভাপতি সম্পাদকৰ লগতে জিলা পৰিষদৰ সদস্য সদস্যা,বিভিন্ন পঞ্চায়ত প্ৰতিনিধি আৰু বাঘবৰ সমষ্টিৰ সাধাৰণ জনতাই বিধায়ক শ্বেৰমান আলী আহমেদক বিশাল সম্বৰ্ধনা জনায় । সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক শ্বেৰমান আলী আহমেদে কয় যে , মহাজোট বন্ধনত থকা এআইইউডিএফক অনুতি পলমে বহিস্কাৰ নকৰিলে বিশাল কংগ্ৰেছ দলৰ বৃহত ক্ষতি হব বুলি উল্লেখ কৰে । গতিকে , এআইইউডিএফক মহাজোট বন্ধনৰ পৰা বহিস্কাৰ কৰিবলে দাবী জনায় বিধায়ক শ্বেৰমান আলী আহমেদে । চাৰিদিনীয়া কাৰ্যসূচীৰে বাঘবৰ সমষ্টিৰ বিভিন্ন পঞ্চায়তত উপস্থিত হৈ সমষ্টিৰ পৰিস্থিতি পৰ্যাবেক্ষন কৰি ৰাইজৰ লগত মতবিনিময় কৰিব বুলি সংবাদ মাধ্যমক জনায় ।