বিৰোধী শক্তিক একজোঁট কৰিবলৈ বৈঠকৰ আয়োজন কৰিলে ছোনিয়া গান্ধীয়ে

123

বিৰোধী শক্তিক একজোঁট কৰিবলৈ বৈঠকৰ আয়োজন কৰিলে ছোনিয়া গান্ধীয়ে

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১২ আগষ্টঃ ২০ আগষ্টত বিৰোধি নেতা সকলৰ সৈতে বৈঠকৰ আয়োজন কৰিলে ছোনিয়া গান্ধীয়ে । এই বৈঠকত ভাৰতৰ সকলো বিজেপি বিৰোধি নেতাৰ লগতে নিমন্ত্ৰণ জনালে পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়,মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধব ঠাকৰে আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এমকে ষ্টালিনক । এই বৈঠকত এন সি পি প্ৰধান শৰদ পাওৱাৰেও উপস্থিত থকাৰ সম্ভাৱনা আছে । বাদল অধিবেশনৰ আৰম্ভনিৰ পৰাই বিৰোধিয়ে একত্ৰিত হৈ সংসদৰ দুই কক্ষত চৰকাৰৰ বিৰোধিতা কৰিছিল । বৃহস্পতিবাৰতেও সেই ঐক্য দেখিবলৈ পোৱা গৈছে । একাধিক ইসু লৈ প্ৰতিবাদ কৰিছে ১৫ খন বিজেপি বিৰোধি দলে । প্ৰতিবাদৰ আগত কংগ্ৰেছ সাংসদ মল্লিকাৰ্জুন খৰেগৰৰ লগত আলোচনাত বহে আম আদমী পৰ্টীৰ সঞ্জয় সিংহ । পিছত শিবশেনাৰ তৰফৰ পৰা সঞ্জয় ৰাউতে জনায় যে,“বিৰোধীয়ে একজোঁট হৈছে ।২০ আগষ্টত কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীয়ে কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ লগত কথা পাতিব । সেই আলোচনাত আমন্ত্ৰিত হৈছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়েও ।”