মহাঁজোটত এআইইউডিএফৰ সৈতে নাথাকে কংগ্ৰেছ , অকলে উপ নিৰ্বাচনত নমাৰ সিদান্ত কংগ্ৰেছৰ

103

মহাঁজোটত এআইইউডিএফৰ সৈতে নাথাকে কংগ্ৰেছ , অকলে উপ নিৰ্বাচনত নমাৰ সিদান্ত কংগ্ৰেছৰ

ষ্টাফ ৰিফৰ্টাৰ ,দুৰ্নীতিৰ দৰ্পণ , ২৯ আগষ্টঃ কংগ্ৰেছে অকলে খেলিব উপ নিৰ্বাচন , নাথাকে এআইইউডিএফৰ সৈতে মহাঁজোটত । আগন্তক উপ নিৰ্বাচনক লক্ষ্য ৰাখি কংগ্ৰেছ দলে এতিয়াৰে পৰা দলৰ ভেটি মজবুত কৰাৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ’ব লগা সমষ্টিত দলীয় কৰ্মী সমৰ্থকলৈ কৰ্মী সভা অনুষ্ঠিত কৰি কৰ্মী সমৰ্থক সকলৰ মনোবল বৃদ্ধিৰ চেষ্টা অব্যাহত ৰাখিছে । অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা,সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলৰ কেবাজনো বিধায়কৰ উপস্থিতিত গোসাইগাঁও মহকুমাৰ তেলিপাৰাস্থিত কৃষি গৱেষণা কেন্দ্ৰৰ সভা কক্ষত ২৮ গোসাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী তথা কংগ্ৰেছৰ সমৰ্থক সকলৰ উপস্থিতিত কৰ্মী সভা অনুষ্ঠিত হয় । যোৱা বিধান সভা নিৰ্বাচনত ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টি টোৰ পৰা মহাজুটৰ প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰীয়ে জয়লাভ কৰিছিল । কিন্তু কৰোনাত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হোৱাত সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব । সমষ্টি টোৰ কংগ্ৰেছ কৰ্মী তথা সমৰ্থক সকলে উপ নিৰ্বাচনত এইবেলি কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবী জনায় । আগুন্তুক উপ নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰতিটো সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । কিন্তু পৰৰ্বতী সময়ত বিজেপি দলক প্ৰতিহত কৰিবলৈ বিজেপি বিৰোধী সকলো দলৰ লগত মিত্ৰতাৰ পোষকতা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । কিন্তু উপ নিৰ্বাচনত দলীয় কৰ্মী সমৰ্থক সকলৰ আহ্বান মৰ্মে এইবেলি কংগ্ৰেছ দলে উপ নিৰ্বাচনত নিজাববীয়াকৈ অবৰ্তীণ হ’ব বুলি বৰাই কয় । আজিৰ কৰ্মী সভাত উপস্থিত থাকি সাংবাদিকৰে হোৱা এক স্বাক্ষৎ কাৰত সাংসদ গৌৰৱ গগৈয়ে কয় যে , এআইইউডিএফৰ লগত আৰু মহাজোটত কংগ্ৰেছ নাথাকে । তেওঁ আৰু কয় যে , বিজেপি দলে সকলো আঞ্চলিক দল বোৰক পৰ্যায় ক্ৰমে গ্ৰাস কৰি পেলাইছে । আগুন্তুক দিনত বি পি এফ আৰু ইউ পি পি এল দলৰো একে অৱস্থা হ’ব , যিটো বৰ্তমান এ জি পি দলৰ হৈছে । গতিকে , আগুন্তুক উপ নিৰ্বাচনত কংগ্ৰেছ দলে অকলে নিৰ্বাচনত অবৰ্তীণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কিয়নো , কংগ্ৰেছ দলৰ গাঁৱে ভূঞে সকলোতে সংগঠন আছে । এই মন্তব্য গৌৰৱ গগৈৰ ।