মাণিকপুৰত “ভাৰত বাচাও ” দিৱসত প্ৰতিবাদী সমদল

158

মাণিকপুৰত “ভাৰত বাচাও ” দিৱসত প্ৰতিবাদী সমদল

দুৰ্নীতিৰ দৰ্পণ ,মাণিকপুৰ , ৯ আগষ্ট : চি আই টি ইউ আৰু এছ এফ আইকে ধৰি কেবাটাও সংগঠনৰ যৌঠ উদ্যোগত সোমবাৰে মাণিকপুৰত “ভাৰত বাচাও” দিৱসৰ লগত সংগতি ৰাখি আইন অমান্য আন্দোলন কাৰ্য্যসুচী সফল কৰাৰ উদ্দেশ্যে ৰাজপথত এক প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড, ফেস্টুন লৈ বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে । পেট্ৰল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় আৰু গুৰুত্বপূৰ্ণ সামগ্ৰীৰ মূল্যবৃদ্ধি শীঘ্ৰে হ্ৰাস কৰা, কোভিড পৰিস্থিতিত প্ৰতিটো আয়হীন দুখীয়া পৰিয়ালক মাহিলী ৭৫০০ টকাকৈ আদায় দিয়া, অতি শীঘ্ৰে সকলোকে কোভিড ভেক্সিন বিনামূলীয়াকৈ প্ৰদান কৰা, আই-মানাহৰ বান-গৰাখহনীয়া সমস্যাৰ সমাধান কৰা, কৃষক বিৰোধী তিনিখন কৃষি আইন বাতিল কৰা, শ্ৰম আইন সংশোধন বাতিল কৰা, দেশৰ সম্পদ ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণৰ অভিযান বন্ধ কৰা, প্ৰধানমন্ত্ৰী কৃষক সন্মাননিধী আচনিত হোৱা দুৰ্নীতি বন্ধ কৰি প্ৰকৃত কৃষকৰ নাম আচনিত অন্তৰ্ভুক্ত কৰা, অৰুণোদয় আচনিৰ দুৰ্নীতি বন্ধ কৰি দুখীয়া মহিলাক আচনিত অন্তৰ্ভুক্ত কৰি মাহিলী ৩০০০ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা, বিকল্প সংস্থাপন নিদিয়াকৈ সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰা, মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰা আদিৰ দাবীত মাণিকপুৰ প্ৰেক্ষাগৃহৰ পৰা সংগঠন কেইটাৰ প্ৰায় পাচ শতাধিক সদস্যই দিনৰ ১২ বজাত বিভিন্ন শ্লোগান দি সমদল কৰি মাণিকপুৰ চাৰিআলি হৈ মাণিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিআলিলৈ গৈ প্ৰেক্ষাগৃহলৈ পুনৰ ঘূৰি আহি “ভাৰত বাচাও” দিৱসৰ সামৰনি মাৰে ।