সদনত বৈদ্যুতিক বাহন নিৰ্মাণৰ প্ৰসংগ উত্থাপন

105

বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ হ’ব ভাৰত : মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডে

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২ আগষ্ট : ইন্ধনৰ বৰ্ধিত মূল্যই বৰ্তমান বৈদ্যুতিক বাহনৰ প্ৰয়োজনীয়তাৰ বিষয়ে এবাৰ হ’লেও ভাবিবলৈ বাধ্য কৰাইছে । সম্প্ৰতি সদনৰ মজিয়াতো এয়া এক আলোচ্য বিষয় হৈ পৰিছে । ৰাজ্যসভাত প্ৰশ্নোত্তৰ কালত গধুৰ উদ্যোগ মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডেই কয় যে , ভাৰতক বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব । ৰাজ্যসভাৰ সাংসদ এম থম্বি দুৰায়ে বৈদ্যুতিক বাহন নিৰ্মাণ কেন্দ্ৰ বিকশিত কৰা আঁচনি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল । তেতিয়াই মন্ত্ৰী ড° মহেন্দ্ৰ নাথ পাণ্ডেই বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ সন্দৰ্ভত নিজৰ চৰকাৰৰ পৰিকল্পনাৰ বিষয়ে জনায় । মন্ত্ৰী গৰাকীয়ে কয় যে , বিভাগটোৰ লক্ষ্য হৈছে ভাৰতক বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা । অ’লাৰ দৰে বিভিন্ন কোম্পানীয়ে এই কাম আৰম্ভ কৰিছে আৰু ইতিমধ্যে এক লাখতকৈও অধিক বাহন বুকিং কৰা হৈছে । ইন্ধনৰ বৰ্ধিত মূল্যৰ পৰা ৰক্ষা পোৱাৰ লগতে এই পদক্ষেপে নিযুক্তিৰ ক্ষেত্ৰতো সহায়ক হিচাপে পৰিগণিত হ’ব । লগতে চৰকাৰেও ইয়াৰ পৰা লাভান্বিত হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে । বিজেপিৰ সাংসদ আলফনচ কন্নামথানামে চাৰ্জিং ষ্টেচনৰ ৰোডমেপৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত ড° মহেন্দ্ৰই কয় যে , কেন্দ্ৰই হাইব্ৰীড আৰু বৈদ্যুতিক বাহনৰ দ্ৰুত গ্ৰহণ আৰু নিৰ্মাণ প্ৰকল্পৰ জৰিয়তে চাৰ্জিং ষ্টেচন স্থাপনৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰি আহিছে । ইতিমধ্যে চণ্ডিগড় আৰু দিল্লীত বহুতো চাৰ্জিং ষ্টেচন স্থাপন কৰা হৈছে । ফেম-১ আৰু ফেম-২ প্ৰকল্পৰ অধীনত বৈদ্যুতিক বাছসমূহক ইনচেণ্টিভ দিয়া হৈছে । এই উদ্যোগৰ জৰিয়তে আত্ম নিৰ্ভৰ ভাৰত গঢ়াৰ সপোন বাস্তৱায়িত কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে । বৈদ্যুতিক বাহন নিৰ্মাণৰ বাবে বিদেশী কোম্পানীৰ বিনিয়োগ সন্দৰ্ভত তেওঁ বিজেপি সাংসদ ড° অশোক বাজপালৰ প্ৰশ্নৰো উত্তৰ দিয়ে । ইফালে, বিৰোধী দলে সেই সময়তে হূলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে । লগতে শ্ল’গান দিয়া কাৰ্যও অব্যাহত ৰাখে । উল্লেখ্য যে , বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পৰাই বিৰোধী দলবোৰে পেগাচাছ , কৃষি আইন , ক’ভিড সংকটৰ আদিক লৈ সদনত শ্ল’গান দি আহিছে আৰু চৰকাৰক সমালোচনা কৰি আহিছে ।