ৰাইজৰ দলৰ সদস্যৰ দ্বাৰা দৰিদ্ৰ পৰিয়ালৰ গৃহ নিৰ্মাণ

167

ৰাইজৰ দলৰ সদস্যৰ দ্বাৰা দৰিদ্ৰ পৰিয়ালৰ গৃহ নিৰ্মাণ

দুৰ্নীতিৰ দৰ্পণ সেৱা , শিৱসাগৰৰ পৰা মুকুল বাইলুংৰ প্ৰতিবেদন , ৮ আগষ্টঃ অতি দৰিদ্ৰ ৰোগাক্ৰান্ত নিতুল দুৱৰী । বয়স ৫৮ বছৰীয়া দুজনকৈ পুত্ৰ এজন হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীণহৈ ঘৰতে স্থানীয় বিদ্যালয় অধ্যয়নৰত আৰু আন জন স্নাতক ডিগ্ৰী লৈ বাংগালোত কৰ্মবিমুখ হৈ বাংগালোৰত আৱদ্ধ হৈ থাকিব লগিয়া হৈ আছে । আজি কেই দিন মানৰ আগত অহা এজাক বতাহ বৰষুণে নিতুল দুৱৰী বাস গৃহটো ভাগি পৰে। দৰিদ্ৰ পৰিয়ালটো নিজৰ গৃহটো নিজেই সাজি লবলৈ অৰ্থৰ অভাৱ তাতে ৰোগাক্ৰান্ত। সেইহে ৰাইজৰ দলৰ কেইজন মান সদস্যই বিষয়টো বিধায়ক অখিল গগৈক অৱগত কৰে। বিধায়ক গৰাকীয়ে নিজৰ খৰছত গৃহ নিৰ্মাণ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে আৰু অনাগত দিনত প্ৰধান মন্ত্ৰীৰ আবাস গৃহৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ কথা কয় । স্থানীয় কেইজন মান ৰাইজৰ দলৰ সদস্যই বাহ-কাঠৰে নিৰ্মাণ কৰে গৃহটো । সেই গৃহটো নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাত আজি সম্পূৰ্ণ কভিড নিয়ম পালন কৰি এখনি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভা খনি আঁত ধৰে সমাকৰ্মী আকাশ দুৱৰী , সভাপতিত্ব কৰে ৰাইজৰ দলৰ জিলাৰ সভাপতি মুনিন্দ্ৰ লাহন,ৰাইজৰ দলৰ সমষ্টিৰ সভাপতি জিতু জ‍্যোতি গায়ন আৰু বহু কেইজন স্থানীয় জেষ্ঠ‍্য ব‍্যক্তি উপস্থিত থাকে । ৰাইজৰ দলৰ জিলা সভাপতি গৰাকীয়ে ভাষণত উল্লেখ কৰে যে , অনাগত দিন বিলাকত ৰাজহুৱা কাম কৰি যোৱাৰ পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে । ৰাইজৰ দলৰ এনে পদক্ষেপ আদৰণি জনোৱাৰ লগতে দৰিদ্ৰ পৰিয়ালটো কিছু সকাহ লাভ কৰে।