অগ্নিগৰ্ভা শ্বিলঙত চি আৰ পি এফৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ

138

অগ্নিগৰ্ভা শ্বিলঙত চি আৰ পি এফৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১৬ আগষ্টঃ এগৰাকী এইচ এন এল চিৰ প্ৰাক্তন সদস্যক এনকাউণ্টাৰৰ পাছতে উত্তপ্ত হৈ পৰা মেঘালয়ত সোমবাৰে চি আৰ পি এফ বাহিনীৰ ওপৰত আক্ৰমণ কৰে একাংশ প্ৰতিবাদকাৰীয়ে । শ্বিলঙত সংঘটিত হৈছে এই ঘটনা । কাৰ্ফিউৰ মাজতে একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে চি আৰ পি এফ বাহিনীৰ ওফৰত আক্ৰমণ কৰে । শ্বিলঙৰ মাওলাই অঞ্চলত কাৰ্ফিউৰ সময়তে উত্তেজিত প্ৰতিবাদকাৰীয়ে পহৰাদাৰী চি আৰ পি এফ বাহিনীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে । দেওবাৰে উত্তেজিত প্ৰতিবাদকাৰী সকলে শ্বিলঙত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে মেঘালয় চৰকাৰে মেঘালয়ৰ চাৰিখন জিলাত ৪৮ ঘণ্টাৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে শ্বিলঙত কাৰ্ফিউ ঘোষণা কৰে । দেওবাৰে নিশা কিছু সংখ্যক দুবৃত্তই মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ বাসভৱনৰ সন্মুখনত পেট্ৰ’ল বোমাও নিক্ষেপ কৰে । গাড়ীত উঠি অহা দুৰ্বৃত্তই দেওবাৰে নিশা প্ৰায় ১০:১৫ বজাত মুখ্য মন্ত্ৰী চাংমাৰ বাসভৱনৰ সন্মুখত পেট্ৰ’ল বোমা নিক্ষেপ কৰে বুলি জানিব পৰা গৈছে । অৱশ্যে এই ঘটনাত কোনো লোকে আঘাতপ্ৰাপ্ত হোৱা নাই ।