অসম-মিজোৰাম সীমান্তত বুলেটপ্ৰুফ বাহন লৈ সষ্টম অসম আৰক্ষীৰ দল

71
অসম-মিজোৰাম সীমান্তত বুলেটপ্ৰুফ বাহন লৈ সষ্টম অসম আৰক্ষীৰ দল
ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ,২২আগষ্টঃ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হৈ যোৱা ঘটনাৰ উৎকণ্ঠা মাৰ নাযাওতেই অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে।অসম-মিজোৰাম সীমান্তৰ কচুৰথল অঞ্চলত মিজোই অসমৰ ভূমি আগ্ৰাসন কৰাক লৈ এই উত্তেজনাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।অভিযোগ অনুসৰি কচুৰথলত অসমৰ ভূমিত মিজোৰামে কালভাৰ্ট নিৰ্মাণ কৰিছে।সীমান্তত থকা অসমৰ লোক সকলে এই কথাৰ তীব্ৰ বিৰোধিতা কৰিছে।সীমান্তত সৃষ্টি হ’ব পৰা উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ইতিমধ্যে অসমৰ আৰক্ষীৰ এটা বিশাল বাহিনী উক্ত স্থানত মোতায়ন কৰা হৈছে।অসম আৰক্ষীৰ জোৱান সকলে বুলেটপ্ৰুফ বাহন লৈ ঘটনাস্থলীত সষ্টম হৈ আছে।বিগত মাহত লাইলাপুৰত মিজোৰাম আৰক্ষীৰ নিৰ্বিচাৰ গুলিচালনাত অসম আৰক্ষীৰ ছয়গৰাকী জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।লাইলাপুৰ ঘটনাৰ পাছতে এইবাৰ অধিক সষ্টম হৈ পৰিছে অসম আৰক্ষী।