অৰুণাচলত ভূমিস্খলনত খহি পৰিল পাহাৰীয়া পথ , যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ তিনিখন জিলাৰ

111

অৰুণাচলত ভূমিস্খলনত খহি পৰিল পাহাৰীয়া পথ , যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ তিনিখন জিলাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া, চিলাপথাৰ , ২৯ আগষ্টঃ বিগত কিছুদিনৰ পৰা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত কেইবাটাও স্থানত ভূমিস্খলনৰ ফলত স্থলপথ যোগাযোগ বিচ্ছিন্ন হোৱাৰ খবৰ আহিছে । ৰাজ্যখনৰ নামনি চিয়াং জিলাৰ পৰা লেপেৰ আধা জিলালৈ যোৱা একমাত্ৰ পথচোৱা চিজিৰ আগত ২৫ কিলোমিটাৰত ভূমিস্খলনৰ ফলত খহি পৰাত তিনিদিনৰ পৰা যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ আছে । আনহাতে ,পূব চিয়াং জিলাৰ পুৰনি চহৰ পাছিঘাটৰ, আ’ল পথ পাংগিং ৰ সমীপত ভূমিস্খলনৰ বাবে বন্ধ হৈ থকাত ইটানগৰ, চিলাপথাৰ, পাছিঘাটৰ পৰা যাত্ৰীবাহী বাহনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী লৈ যোৱা শ শ গাড়ী লাইন লাগি আছে । খবৰ লিখা পর্যন্ত পাছিঘাট আ’ল পথত মুকলি কৰিৱলৈ যুদ্ধকালীন তৎপৰতাৰে কাম চলি আছে যদিও মুকলি কৰিব পৰা নাই । এইদৰে আৰু দুই এদিন বন্ধ থাকিলে পাংগিং, আ’ল, মেচুকা, বাছাৰ, তৃবিন, দ্বাপৰি’জ আদি অঞ্চল সমূহত লোক সকলে খাদ্য সংকটৰ লগতে মূল্যবৃদ্ধিৰ সমস্যাৰ সন্মুখীন হ’ব লাগিব বুলি জানিব পৰা গৈছে ।