আকাশলঙ্ঘী মূল্য বৃদ্ধি , বিত্তীয় ব্যৱস্থাপনাৰ ভুল পৰিচালনাৰ বিৰুদ্ধে মৰিগাঁৱত কংগ্ৰেছৰ জন জাগৰণ অভিযান , মৰিগাঁৱৰ বিহুতলিত বিশাল প্ৰতিবাদী সভা

109

আকাশলঙ্ঘী মূল্য বৃদ্ধি , বিত্তীয় ব্যৱস্থাপনাৰ ভুল পৰিচালনাৰ বিৰুদ্ধে মৰিগাঁৱত কংগ্ৰেছৰ জন জাগৰণ অভিযান , মৰিগাঁৱৰ বিহুতলিত বিশাল প্ৰতিবাদী সভা

বিজেপিৰ বিৰুদ্ধে সৰ্বসাধাৰণ ৰাইজে এইবাৰ দ্বিতীয়বাৰ স্বাধীনতা আন্দোলন কৰিবঃ সাংসদ প্ৰদ্যুৎ বৰদলৈ , দেশত ক’ৰ কাতল লগাই লুটিপুটি খোৱাই হৈছে বিজেপি চৰকাৰৰ মুলমন্ত্ৰঃ এপিচিচিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২০ নবেম্বৰ: বৃটিছে যেনেকৈ অসমৰ খিলঞ্জীয়া তথা জাতি-জনগোষ্ঠীৰ লোকসকলৰ মাজত কানি প্ৰচলন কৰি কানিয়া কৰিছিল , ঠিক তেনেকৈ ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে হিন্দু মুছলমানৰ নামত ধৰ্ম ভেদৰ কানি খোৱাই অসমৰ সমাজ ব্যৱস্থাক ভাগ কৰা লক্ষ্যৰে কাণিয়া কৰিবলৈ চেষ্টা কৰিছে—— আজি মৰিগাঁৱত এই মন্তব্য আগবঢ়ায় নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । সমগ্ৰ দেশজুৰি আকাশলঙ্ঘী মূল্য বৃদ্ধি আৰু বিত্তীয় ব্যৱস্থাপনাৰ ভুল পৰিচালনাৰ বিৰুদ্ধে আজি মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা জন জাগৰণ অভিযানৰ সভাত অংশ গ্ৰহণ কৰি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ভাষণত কয় যে- বিজেপি চৰকাৰে হিন্দু-মুছলমান কৰি কোটি কোটি জনসাধাৰণৰ মৌলিক সমস্যাৰ পৰা আঁতৰাই ৰাখি সৰ্বসাধাৰণ ৰাইজক আকাশলঙ্ঘী মূল্য বৃদ্ধিয়ে টেটু চেপাঁ দি চেপিছে । অসমৰ কৃষকে মাটিৰ ঘাম পেলায় উৎপাদন কৰা ধান নিকিনি উত্তৰ প্ৰদেশ,পাঞ্জাবৰ পৰা কিনি ৰাজ্যৰ বিজেপি চৰকাৰে অসমৰ কৃষক সকলক বঞ্চনা কৰি আহিছে বুলি সাংসদ গৰাকীয়ে মন্তব্য কৰাৰ উপৰিও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কতাক্ষ্য কৰি কয় যে- গণতান্ত্ৰিক শক্তিৰ ওচৰত হাৰ মানি মোদী চৰকাৰে তিনিখন ক’লা কৃষি আইন বাতিল কৰিবলৈ ইতিমধ্যে বাধ্য হৈছে । এতিয়া জনসাধাৰণে দ্বিতীয় স্বাধীনতা আন্দোলন কৰিব লাগিব । সকলোৱে এতিয়া একত্ৰিত হ’বৰ সময় হল । বিজেপি চৰকাৰে সাধাৰণ জনসাধাৰণক ভয় দেখুৱালেও ৰাইজে ভয় নকৰে আৰু বিজেপিৰ বিৰুদ্ধে সৰ্বসাধাৰণ ৰাইজে এইবাৰ দ্বিতীয়বাৰ স্বাধীনতা আন্দোলন কৰিব বুলি সাংসদ বৰদলৈয়ে লগতে মন্তব্য কৰে।আজি মৰিগাঁও জিলা কংগ্ৰেছ কমিটি কাৰ্যালয়ৰ পৰা চহৰখনৰ মাজেৰে জন জাগৰণ প্ৰতিবাদী কাৰ্যসূচী উলিয়াই বিহু তলিত অনুষ্ঠিত হোৱা জন জাগৰণ অভিযানৰ সভাত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই অংশ লৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি ভাষণত কয় যে-দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হৈয়ে ২০১৬ চনৰ ৮ নবেম্বৰত বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতি ধংস কৰিলে । দেশৰ সম্পদ সমূহ এটা এটা কৈ বিক্ৰী কৰি দেশ খন দেউলীয়া কৰিলে । দেশত ক’ৰ কাতল লগাই লুটিপুটি খোৱাই হৈছে বিজেপি চৰকাৰৰ মুল মন্ত্ৰ । দেশৰ দৰিদ্ৰ জনসাধাৰণৰ প্ৰতি উন্নয়নৰ দিগন্ত অকল কংগ্ৰেছ চৰকাৰে হে সূচনা কৰিব পাৰিব বুলি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰে । ভট্টাচাৰ্যই পুনৰ কয়–মোদী চৰকাৰৰ প্ৰতাৰণা সন্মূখীন হৈ সমগ্ৰ দেশতে এতিয়া বিজেপি হাতাও আৰু দেশ বচাও এই নীতিত জনসাধাৰণ আগবঢ়িছে । অন্যায়ৰ বিৰুদ্ধে মাত মতা কংগ্ৰেছৰ ধৰ্ম বুলি জনসাধাৰণ জ্ঞাত বুলি মন্তব্য কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ এতিয়া কোনো কাম নাই , কাৰণ তেওঁ অসমক দেশৰ পাঁচ খন ৰাজ্যৰ ভিতৰত গঢ়ি তুলিম কোৱা জনে জানে নে ? দেশৰ জনমূৰি আয় কিমান বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাক কতাক্ষ্য কৰি ভট্টাচাৰ্যই পুনৰ কয়-হাজাৰ হাজাৰ কোটি টকা ধাৰৰ বোজা জনসাধাৰণৰ ওপৰত জাপি দিয়া ফাঁকিবাজ চৰকাৰে কি কৰিব পাৰিব । মহাপুৰুষ শংকৰদেৱে গঢ়ি যোৱা ভেটি, সংস্কৃতিকক ধৰ্মৰ নামত ভাগ ভাগ কৰা বিজেপি চৰকাৰে ৰক্ষা কৰিব কেতিয়াও নোৱাৰে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই মন্তব্য আগবঢ়ায় । আজি মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰৰ সভাপতিত্ব ৰূপায়ন হোৱা প্ৰতিবাদী সমদল আৰু জন জাগৰণ সভাত প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱা , লাহৰীঘাট বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ডা: আছিফ মহম্মদ নাজাৰে কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি ভাষণ আগবঢ়ায়। মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ শশীমোহন বিশ্বাসে আঁত ধৰা অনুষ্ঠানটোত প্ৰদেশ কংগ্ৰেছৰ জনজাতি কোষৰ কেন্দ্ৰীয় সভাপতি ৰমেশ বৰদলৈ , জিলা কংগ্ৰেছৰ উপ-সভাপতি মহিবুৰ ৰহমান , মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকদ্বয় মইদুল ইছলাম খান , সীমান্ত হাজৰিকাকে ধৰি মৰি জিলা কংগ্ৰেছৰ প্ৰায় সহস্ৰাধিক নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে ।