ইটানগৰত একগোট হ’ল উত্তৰ–পূবৰ ৰাজনৈতিক দল–সংগঠন

88

ইটানগৰত একগোট হ’ল উত্তৰ–পূবৰ ৰাজনৈতিক দল–সংগঠন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১৯ অক্টোবৰঃ বিজেপিৰ অতিকেন্দ্ৰীভূত ৰাজনৈতিক নীতিয়ে ক্ষুদ্ৰ জাতি-জনগোষ্ঠী সমূহৰ প্ৰয়োজন , প্ৰত্যাশা আৰু অধিকাৰক গুৰুত্বহীন কৰাই নহয় , দেশৰ সংঘীয় কাঠামোকো দুৰ্বল কৰি আনিছে ৷ সেয়ে ক্ৰমবৰ্ধমান আঞ্চলিক বৈষম্য দূৰ কৰি দেশৰ যুক্তৰাষ্ট্ৰীয় সত্তাক শক্তিশালী কৰিবলৈ হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হ’ব লাগিব ৷ ইটানগৰত এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে । মঙলবাৰে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত নেচনেল পিপলছ পাৰ্টী (NPP)য়ে আয়োজন কৰা আঞ্চলিক প্ৰত্যাশা ৰাষ্ট্ৰীয় দৃষ্টিভঙ্গী শীৰ্ষক ৰাজনৈতিক সন্মিলনত ভাগ লৈ লুৰিণজ্যোতি গগৈয়ে কয় যে , দেশৰ অন্য প্ৰান্তৰ জাতি-জনগোষ্ঠী সমূহৰ প্ৰয়োজন আৰু প্ৰত্যাশা উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠী সমূহৰ প্ৰয়োজন আৰু প্ৰত্যাশাতকৈ পৃথক ৷ সেয়ে দিল্লীৰ নিয়ন্ত্ৰণত চলা ৰাজনৈতিক দলৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠী সমূহৰ মনৰ বেদনা উপলব্ধি কৰা সম্ভৱ নহয় , যিটো সময়ে সময়ে প্ৰমাণ হৈ আহিছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ তীব্ৰ বিৰোধীতা থকা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে কা আইন প্ৰৱৰ্তন কৰাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ স্থানীয় জনগণৰ মতামতক উপেক্ষা কৰি উত্তৰ-পূৰ্বাঞ্চলত ব্যক্তিগত খণ্ডৰ বৃহৎ কোম্পানীৰ দ্বাৰা মাৰাত্মক পাম গছৰ খেতি কৰোৱাৰ সিদ্ধান্ত লোৱা লৈকে সকলো ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ স্থানীয় স্বাৰ্থক উপেক্ষা কৰাটো কাৰো অজানা নহয় ৷ অথচ আমি উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা জাতি-জনগোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰা ৰাজনৈতিক দল সমূহৰ মাজত সমন্বয় নথকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে একপক্ষীয় ভাৱে নিজৰ নীতি আৰু সিদ্ধান্ত সমূহ আমাৰ ওপৰত জাপি দিব পাৰিছে ৷ সেই কাৰণে আঞ্চলিক শক্তি সমূহৰ মাজত সমন্বয় ৰক্ষা কৰাটো এতিয়া সময়ৰ আহ্বান হৈ পৰিছে ৷ গগৈয়ে কয় যে , এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা উক্ত ৰাজনৈতিক সন্মিলনত টিপ্ৰাৰ অধ্যক্ষ প্ৰদ্যুৎ মাণিক্য দেববাৰ্মা , বিশিষ্ট সাংবাদিকত্ৰয় পেট্ৰিচিয়া মুখিম , সংগীতা বৰুৱা আৰু কৌশিক ডেকা , মেঘালয়ৰ কেবিনেট মন্ত্ৰী জে’মছ চাংমা , নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা তথা এন ডি পি পি দলৰ সাধাৰণ সম্পাদক আবু মেহতাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল , বৌদ্ধিক জগত আৰু সামাজিক সংগঠনৰ বহুকেইগৰাকী আগশাৰীৰ ব্যক্তিয়ে অংশ গ্ৰহণ কৰি নিজৰ নিজৰ বক্তব্য আগবঢায় ৷ টিপ্ৰাৰ অধ্যক্ষ প্ৰদ্যুৎ মাণিক্যই নিজৰ বক্তব্যত কয় যে , বিজেপিৰ দৰে আগ্ৰাসী শক্তিক পৰাভূত কৰাটো অসম্ভৱ বুলি এটা ধাৰণা সংবাদ মাধ্যমৰ জৰিয়তে জনপ্ৰিয় কৰি তোলা হৈছে , যিটো আচলতে সত্য নহয় ৷ ত্ৰিপুৰাত টিপ্ৰাই বিজেপিক পৰাজিত কৰি উদাহৰণ দেখুৱাই দিছে ৷ বিজেপিৰ দিন চমু চাপি আহিছে ৷ এতিয়া কেৱল বিজেপিৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলবাসী ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন ৷ মেঘালয়ৰ কেবিনেট মন্ত্ৰী জে’মছ চাংমাই উত্তৰ-পূৰ্বাঞ্চলত পাম খেতিৰ তীব্ৰ বিৰোধিতা কৰে ৷ তেওঁ কয় যে- কেন্দ্ৰই উত্তৰ-পূবৰ জনসাধাৰণৰ মতামতক গুৰুত্ব নিদিয়ে , ই তাৰ প্ৰমাণ ৷ তেওঁ লগতে কয় যে , যদিও তেওঁৰ দল বিজেপিৰ সৈতে মিত্ৰতাত আছে , কিন্তু উত্তৰ-পূবৰ সামগ্ৰিক স্বাৰ্থৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই ৷ ‘কা’ সমৰ্থন নকৰি এন পি পি দলে নিজৰ দায়বদ্ধতা প্ৰকাশ কৰা বুলি দাবী কৰে চাংমাই ৷ সাংবাদিক পেট্ৰিচিয়া মুখিমে কয় যে , উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ থলুৱা জনগোষ্ঠীসমূহৰ মৌলিক সমস্যাসমূহ প্ৰায় একেই ৷ কিন্তু অঞ্চলটোৰ ৰাজনৈতিক শক্তিসমূহে কোনোদিনে একেখন মঞ্চত বহি আলোচনা কৰা নাই ৷ গতিকে , এইবাৰ উত্তৰ-পূবৰ আঞ্চলিক শক্তিসমূহৰ এনেদৰে নীতিগত বিষয়ত আলোচনাৰ বাবে মিলিত হোৱাটো ভাল লক্ষণ ৷ এই প্ৰক্ৰিয়া অব্যাহত থাকিব লাগে ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ ভাষণত কয় যে , তেওঁৰ দলে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনসাধাৰণক আলোচনাৰ এখন মঞ্চ প্ৰদান কৰিব খোজে ৷ আলোচনাৰ মাধ্যমেৰেহে সমস্যাৰ সমাধান ওলাব ৷ অবৈধ অনুপ্ৰৱেশৰ সমস্যা সমাধানৰ বিকল্প ব্যৱস্থা উদ্ভাৱনৰ হকে তেওঁৰ চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰাৰ প্ৰসংগ উল্লেখ কৰি চাংমাই কয় যে , ইনাৰ লাইন পাৰ্মিট বা বহিৰাগত পঞ্জীয়ন অনুপ্ৰৱেশ প্ৰতিৰোধৰ বিকল্প হ’ব পাৰে ৷