উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথক প্ৰাণে মৰাৰ ভাবুকি

86

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথক প্ৰাণে মৰাৰ ভাবুকি

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ৩০ নৱেম্বৰ: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে । এখন পত্ৰৰ জৰিয়তে মৃত্যুৰ ভাবুকি দিয়া হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীক। একে ধৰণৰ ভাবুকিৰ বিষয়ে উল্লেখ থকা এখন পত্ৰ ভাৰতীয় কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি দেৱেন্দ্ৰ তিৱাৰীলৈও প্ৰেৰণ কৰা হৈছে । চিঠি প্ৰেৰণ কৰোঁতাৰ নাম , ঠিকনা আৰু যোগাযোগৰ নম্বৰো উল্লেখ কৰা হৈছে চিঠিখনৰ খামটোত । দেৱেন্দ্ৰ তিৱাৰীয়ে ভাবুকি ভৰা পত্ৰখন সন্দৰ্ভত কয় যে , গোশালাৰ জৰিয়তে গো-সুৰক্ষাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ এই ভাবুকি প্ৰদান কৰা হৈছে । পত্ৰখনত উল্লেখ কৰা হৈছে যে,”আপুনি গো-সুৰক্ষা আৰু গোশালা স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰি আমাৰ জীৱন দুৰ্বিসহ কৰি তুলিছে । এতিয়া আমি আপোনাৰ জীৱন ধ্বংস কৰিম ।” পত্ৰখনৰ জৰিয়তে লোকজনে গোশালা জৰীপ আৰু এনে ধৰণৰ অন্যান্য পদক্ষেপ বন্ধ কৰিবলৈ সকীয়াই দিছিল । অন্যথা চৰকাৰে ভয়াৱহ পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলি সতৰ্ক কৰি দিয়ে । পত্ৰখনত এটা নামো উল্লেখ কৰা হৈছে । পত্ৰখন প্ৰেৰণ কৰোঁতাই লিখিছে যে,”মোৰ নাম আজমল মহম্মদ । আপুনি মোৰ একো ক্ষতি কৰিব নোৱাৰে । বৰঞ্চ,আপুনি এতিয়া আপোনাৰে পৰা আপোনাৰ বেয়া দিন গণনা কৰা আৰম্ভ কৰা উচিত”। তিৱাৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেক কৰা হৈছে যে,মুখ্যমন্ত্ৰীৰ সুৰক্ষা আছে আৰু সেয়েহে তেওঁৰ ক্ষতি কৰিব পৰা নাযাব । সুৰক্ষা ব্যৱস্থা নথকা হ’লে তেওঁ মুখ্যমন্ত্ৰীকো হত্যা কৰিলেহেঁতেন বুলি ভাবুকি দিয়ে । পত্ৰ প্ৰেৰণ কৰোঁতাজনে কমলেশ তিৱাৰী আৰু ৰঞ্জিত বচ্চনৰ হত্যাৰ কথা উল্লেখ কৰি কয় যে , দেৱেন্দ্ৰ তিৱাৰীও তেওঁলোকৰ দৰেই মৃত্যুমুখত পৰিব । একে ধৰণৰ আন এখন পত্ৰ মুখ্যমন্ত্ৰী আদিত্যনাথলৈও প্ৰেৰণ কৰা হৈছিল । ইয়াৰ পাচতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । এতিয়াও পত্ৰ প্ৰেৰণ কৰা লোকজনক আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই । আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত জানিব পাৰিছে যে,পত্ৰখন উন্নাওৰ পৰা পোষ্ট কৰা হৈছিল । চিঠিৰ খামটোত লিখা ঠিকনাটোত প্ৰেৰকৰ ঘৰ দেওবন্দত বুলি উল্লেখ কৰা হৈছে । ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাচতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত চলাই আছে ।