জামুগুৰিহাটৰ নেমুৱে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ সম্ভৱনা

191

জামুগুৰিহাটৰ কৃষকলৈ পূৰ্ব্বৰ কংগ্ৰেছ চৰকাৰে ঘোষণা কৰা প্ৰতিশ্ৰুতি অসাৰ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাত উৎসাহিত কৃষক

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট , ২ আগষ্টঃ চৰকাৰে মনোনিবেশ কৰিলে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বিভিন্ন প্ৰজাতিৰ নেমুৱে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ সম্ভৱনাৰ আছে ৷ এই অঞ্চলৰ মৰিসুতি , বালিজুৰি, ৰঙাচকুৱাৰ পৰা ইতিমধ্যে গাড়ীয়ে গাড়ীয়ে নেমু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ওচৰ চুবুৰিয়া ৰাজ্য অৰুণাচল , মিজোৰাম , পশ্চিম বংগ , হাইদৰাবাদলৈ ৰপ্তানি কৰি আহিছে ৷ ২০০৭ চনত এই অঞ্চলৰ নেমু খেতিয়ক সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে  তদানীন্তন মূখ্যমন্ত্ৰী  প্ৰয়াত তৰুণ গগৈয়ে চৰকাৰী সুবিধা প্ৰদানৰ কথা ঘোষণা কৰিছিল যদিও সেই ঘোষণা ফাইলতে আৱদ্ধ থাকিল ৷ প্ৰয়াত তৰুণ গগৈৰ মন্তৱ্য অসাৰ প্ৰতিপন্ন হ’ল বুলি মন্তৱ্য কৰে জামুগুৰিহাটৰ আদৰ্ষ কৃষক পংকজ হাজৰিকাই ৷ শেহতীয়াকৈ বৰ্ত্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খেতিয়ক সকলক উৎসাহিত কৰাৰ উদ্দ্যেশ্যৰে যি পদক্ষেপ গ্ৰহণ কৰিছে , সেইলৈ খেতিয়ক সকলে সন্তুষ্টি প্ৰকাশ কৰাৰ কথা ব্যক্ত কৰে কৃষক পংকজ হাজৰিকাই ৷ প্ৰকৃত কৃষকক উপযুক্ত সন্মান মৰ্য্যদা দিয়াৰ বাৱে মুখ্যমন্ত্ৰী গৰাকীয়ে যি আচঁনি গ্ৰহণ কৰিছে , এই ক্ষেত্ৰত কৃষক সকল সচাঁকৈয়ে উপকৃত হব বুলি মন্তৱ্য কৰে আদৰ্শ কৃষক পংকজ হাজৰিকাই ৷ উপযুক্ত বজাৰ লাভ কৰিলে এই অঞ্চলৰ নেমুয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাটো নিশ্চিত বুলি মন্তৱ্য কৰে কৃষক পংকজ হাজৰিকাই ৷