পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ স্থায়ী ভৱন উদ্ধোধন মুখ্যমন্ত্ৰীৰ , শীঘ্ৰেই বিশ্ববিদ্যালয় হব আনন্দৰাম বৰুৱা একাডেমী: ডঃ ৰঞ্জিত ডেকা

111

পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ স্থায়ী ভৱন উদ্ধোধন মুখ্যমন্ত্ৰীৰ , শীঘ্ৰেই বিশ্ববিদ্যালয় হব আনন্দৰাম বৰুৱা একাডেমী: ডঃ ৰঞ্জিত ডেকা

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰাজীৱ চৌধুৰী , বজালীঃ সমগ্ৰ অসমতে শিক্ষানগৰীৰূপে পৰিচিত নবগঠিত বজালী জিলাৰ সদৰ পাঠশালাৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীয়ে বিগত দুটা দশক জুৰি বজালী অঞ্চলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াত উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে । শিক্ষানুষ্ঠান খনৰ ৰেক্টৰ পৰিচালক ডঃ ৰঞ্জিত ডেকাৰ অপ্ৰাণ প্ৰচেষ্টাত ২৫ বিঘা মাটিত প্ৰায় ৩২ কোটি টকাৰ বাজেটেৰে নতুন ভৱন নিৰ্মাণ কৰি উলিয়ায় । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্ধোধন কৰে নতুন ভৱনটি । আটক ধুনীয়াকৈ সজাই তোলা ভৱনটিত চকু ফুৰাই মুকলি সভাত অংশ লয় । সভাৰ শেষত অজস্ৰ ভাগিন ভাগিনীয়ে চেল্ফি উঠিবলৈ ভিৰ লগায় আৰু মত বিনিময় কৰে । আনন্দৰাম বৰুৱা একাডেমী শীঘ্ৰেই বিশ্ববিদ্যালয় হব বুলি সাংবাদিকক জানিবলৈ দিয়ে প্ৰতিষ্ঠানটোৰ ৰেক্টৰ পৰিচালক ডঃ ৰঞ্জিত ডেকাই।