ব্ৰাজিলৰ লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “বেলকনিত ভগৱান”লৈ Honourable Mention এৱাৰ্ড

141

ব্ৰাজিলৰ লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “বেলকনিত ভগৱান”লৈ Honourable Mention এৱাৰ্ড

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ৮ আগষ্টঃ ইটোৰ পিছত সিটো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্থান লভা বলিষ্ঠ পৰিচালক বিশ্বজিত বৰাৰ কাহিনী , চিত্ৰনাট্য , সংলাপ আৰু পৰিচালিত আৰু “জেতুকা পাতৰ দৰে” চলচ্চিত্ৰখনৰ বাবে ৰজত কমল প্ৰাপক,সাহিত্যিক নুৰুল চুলতানৰ দ্বাৰা প্ৰযোজিত “বেলকনিত ভগৱান”-গড অন দ্যা বেলকনি চলচ্চিত্ৰখনে শেহতীয়াকৈ দুটা সুনামে ৰাজ্যৰ সাংস্কৃতিক প্ৰেমি সকলক আনন্দিত কৰিছে ৷ কালি পোৱা খবৰ মতে , ২৩ জুলাইৰ পৰা ব্ৰাজিলত অনুষ্ঠিত হোৱা লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “বেলকনি ভগৱান” চিনেমা খনে নেৰেটিভ শাখাত বিদেশী চিনেমাৰ লগত তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াই Honourable Mention এৱাৰ্ড বুটলিবৈ সক্ষম হৈছে ৷ উক্ত মহোৎসৱত বুলগেৰিয়াৰ চিনেমা “চিবিল” শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে ৷ উল্লেখযোগ্য যে , অহা ১২ আগষ্টৰ পৰা অষ্টেলিয়াৰ মেলবৰ্নত অনুষ্ঠিত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তিনিটা শাখাত বেলকনিত ভগৱানে মনোনয়ন লাভ কৰিছে ৷ শ্ৰেষ্ঠ ছবি , শ্ৰেষ্ঠ পৰিচালক-বিশ্বজিত বৰা , শ্ৰেষ্ঠ অভিনেতা হৰিশ খান্না মনোনয়নত স্থান পাইছে ৷ এই বাতৰি ৰাষ্ট্ৰীয় বাতৰি দ্য হিন্দু , দৈনিক ভাস্কৰন আদিত চৰ্চা হৈছে ৷ ইতিমধ্যে লণ্ডনত অনুষ্ঠিত ৰেইনবো চলচ্চিত্ৰ মহোৎসৱত “বিশেষ সন্মান” পোৱাৰ লগতে ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা আজুৰি আনিছে ৷ জুন মাহত হোৱা নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বাবে হৰিশ খান্না আৰু শ্ৰে্ষ্ঠ শিশু শিল্পীৰ শিতানত পৰিনান্ধি জিমা চুলতানাই মনোনয়ন লাভ কৰিছিল ৷ জাৰ্মানীৰ ষ্টুটগাত চলচ্চিত্ৰ মহোৎসৱত ছবিখন স্কুল অৱ দ্য ইয়েৰ ৰূপে নিৰ্বাচিত হোৱাৰ লগতে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালক বিশ্বজিত বৰাই শ্ৰেষ্ঠ পৰিচালকৰ খিতাপ লভিছিল ৷ ইটোৰ পিছত সিটো সুখৱৰ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা চলচ্চিত্ৰ খনকলৈ এতিয়া উৎফুল্লিত হৈ পৰিছে দেৰগাঁও বাসী । এই উদ্দেশ্যেই আজি দেৰগাঁও সাহিত্য সভা ভৱনত গড অন দা বেলকনি কথাছবি খনৰ প্ৰযোজক নুৰুল চুলতানৰ লগত দেৰগাঁও সংবাদকৰ্মী সকলৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় । দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্ত,দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি বিচিত্ৰ ভূষণ কলিতা,সমাজকৰ্মী অনুপ ভাগৱতী আদি ব্যক্তি সকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত দেৰগাঁও সাহিত্য সভা,দেৰগাঁও নাগৰিক সন্থা,দেৰগাঁও সাংবাদিক সংস্থা,আছাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ দেৰগাঁও মহকুমা সমিতি আদি বিভিন্ন দল সংগঠনে ক’ৰনা সৃষ্ট পৰিৱেশৰ মাজতেই সুখৱৰ কঢ়িয়াই অনা গড অন দা বেলকনিৰ প্ৰযোজক নুৰুল চুলতান,পৰিচালক বিশ্বজিত বৰাৰ লগতে চলচ্চিত্ৰ খনৰ লগত জড়িত প্ৰত্যেক গৰাকী কলা কুশলীলৈ শুভেচ্ছা জ্ঞাপন কৰে । উল্লেখ্য যে,দেৰগাঁৱৰে সন্তান নুৰুল চুলতান প্ৰযোজিত গড অন দা বেলকনি কথাছবি খনৰ লগত বহুকেইজন কলা কুশলী দেৰগাঁৱৰ আৰু প্ৰায় নব্বৈ শতাংশ দৃশ্য গ্ৰহণ দেৰগাঁৱৰ বিভিন্ন স্থানত লোৱা হৈছিল ।