ভবানীপুৰ উপ–নিৰ্বাচনত অভিলেখ গঢ়ি জয়লাভ কৰিলে মমতা বেনাৰ্জীয়ে

108

ভবানীপুৰ উপ–নিৰ্বাচনত অভিলেখ গঢ়ি জয়লাভ কৰিলে মমতা বেনাৰ্জীয়ে

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ , ০৩ অক্টোবৰঃ পশ্চিমবংগৰ ভবানীপুৰ বিধানসভা সমষ্টিৰ উপ–নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে তৃণমূল কংগ্ৰেছ নেত্ৰী মমতা বেনাৰ্জীয়ে । অকল বিজয়ে নহয় , পূৰ্বৰ বিজয়ৰ সকলো ৰেকৰ্ডো ভংগ কৰে তৃণমূল নেত্ৰীগৰাকীয়ে । মমতাই ভবানীপুৰ উপ–নিৰ্বাচনৰ ভোটগণনাৰ আৰম্ভণিৰ পৰাই বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰেৱালক অতিক্ৰম কৰিবলৈ আৰম্ভ কৰিছিল আৰু অৱশেষত মমতা বেনাৰ্জীয়ে অভিলেখ ব্যৱধানত জয়ী হবলৈ সক্ষম হয় । মমতা বেনাৰ্জীয়ে সমষ্টিটোত ৫৮৮৩২ টা ভোটৰ ব্যৱধানত জয়ী হয় । ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তৃণমূল প্ৰাৰ্থী শোভনদেব চট্টোপাধ্যায়ে বিজেপি প্ৰাৰ্থী ৰুদ্ৰনীল ঘোষক ২৮,৭১৯ টা ভোটত পৰাজিত কৰিছিল । কিন্তু এইবাৰ মমতাই ৫৮৮৩২ টা ভোটৰ ব্যৱধানত জয়ী হৈ অভিলেখ গঢ়ে । মমতা বেনাৰ্জীয়ে উপ-নিৰ্বাচনত মুঠ ৮৪,৭০৯ টা ভোট লাভ কৰে , বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰাৱালে ২৬,৩২০ টা ভোট লাভ কৰে । আনহাতে , চিপিআইএমৰ প্ৰাৰ্থী শ্ৰীজীব বিশ্বাসে লাভ কৰে ৪২০১ টা ভোট । উল্লেখ্য , বিধানসভা নিৰ্বাচনত বেনাৰ্জীয়ে নন্দীগ্ৰাম আসন হেৰুওৱাৰ পিছত শোভনদেব চট্টোপাধ্যায়ে ভৱানীপুৰ আসন খালী কৰি দিয়ে , যাতে বেনাৰ্জীয়ে আসনখনৰ পৰা জয়ী হৈ বিধানসভালৈ উভতি আহিব পাৰে ।